দিল্লী উচ্চ ন্যায়ালয়ে লাভ কৰিলে দুগৰাকী অতিৰিক্ত ন্যায়াধীশ...

দিল্লী উচ্চ ন্যায়ালয়ে লাভ কৰিলে দুগৰাকী অতিৰিক্ত ন্যায়াধীশ...
দিল্লী উচ্চ ন্যায়ালয়ে লাভ কৰিলে দুগৰাকী অতিৰিক্ত ন্যায়াধীশ...

ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ে লাভ কৰিলে দুগৰাকী অতিৰিক্ত ন্যায়াধীশ। এই অতিৰিক্ত দুয়োগৰাকী ন্যায়াধীশে শুকুৰবাৰে শপতগ্ৰহণ কৰে। ইয়াৰ ফলত দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৪৪ গৰাকীলৈ বৃদ্ধি পালে।

দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাই ন্যায়ালয়তে অনুষ্ঠিত হোৱা শপতগ্ৰহণ অনুষ্ঠানত ন্যায়াধীশ ছলিন্দৰ কৌৰ আৰু ন্যায়াধীশ ৰবীন্দ্ৰ জাডেজাক শপতবাক্য পাঠ কৰোৱাই। এই অনুষ্ঠানত ন্যায়ালয়ৰ আন আন ন্যায়াধীশসকলৰ লগতে অধিবক্তা আৰু শপতগ্ৰহণ কৰা দুই ন্যায়াধীশৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে।

কেন্দ্ৰীয় চৰকাৰে ১৮ অক্টোবৰত ন্যায়াধীশ কৌৰ আৰু ন্যায়াধীশ জাডেজাক অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছিল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অধ্যক্ষতাত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে চলিত মাহৰ আৰম্ভণিতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ৰূপত নিযুক্তি প্ৰদানৰ বাবে তেওঁলোকৰ নাম প্ৰস্তাৱ কৰিছিল।

এই নতুন নিযুক্তিৰ পাছত দিল্লী উচ্চ ন্যায়ালয়ত মুঠ ন্যায়াধীশৰ সংখ্য ৪৪ গৰাকীলৈ বৃদ্ধি পাইছে। যাৰ ভিতৰত ৮ গৰাকী মহিলা ন্যায়াধীশ অন্তৰ্ভুক্ত হৈ আছে। উচ্চতম ন্যায়ালয়ৰ স্বীকৃত ন্যায়াধীশৰ সংখ্যা ৬০ গৰাকী।

দিল্লী উচ্চ ন্যায়ালয়ে লাভ কৰিলে দুগৰাকী অতিৰিক্ত ন্যায়াধীশ...
মিজোৰামত কংগ্ৰেছে 'অনামিজো'ক প্ৰাৰ্থীত্ব প্ৰদান কৰাক লৈ বিতৰ্ক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in