কিয় বাৰে বাৰে আতিশয্যৰ বলি হৈ আহিছে নাৰী !

নাৰীৰ প্ৰতিশ্ৰুতি সমূহ আজি কিমান দূৰ কাৰ্যকৰী ?

author-image
Asomiya Pratidin
New Update
কিয় বাৰে বাৰে আতিশয্যৰ বলি হৈ আহিছে নাৰী !

ডিজিটেল ডেস্ক : সমগ্ৰ দেশ কপাই যোৱা শ্ৰদ্ধা হত্যাকাণ্ড, ডামিনী হত্যাকাণ্ড, হোজাইৰ গাৰ নোম শিয়ৰি যোৱা ৫ বছৰীয়া কনমানিৰ ধৰ্ষণকাণ্ড, যমুনামুখৰ অৰ্ণমাই বৰা ধৰ্ষণকাণ্ড, ওদালগুৰিৰ নয়নতৰা হত্যাকাণ্ডকে ধৰি আন বহু ভয়ংকৰ হত্যাকাণ্ড তথা ধৰ্ষণকাণ্ডৰ পাছতেই পুনৰ দিল্লীৰ ৰাজপথত সংঘটিত হ'ল নাৰীৰ ওপৰত নিৰ্যাতন। দেশৰ ৰাজধানী চহৰ দিল্লীৰ ৰাজপথৰ কাষত ৰৈ থকা ১৭ বছৰীয়া যুৱতীৰ ওপৰত ৩ দূৰ্বৃত্তই চলাইছে এছিড আক্ৰমণ। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'।

Advertisment

উল্লেখ্য যে, ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এই ঘটনাৰ সৈতে জড়িত ৩ অভিযুক্তক। অভিযুক্তৰ ভাষ্য অনুসৰি, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি অনা হৈছিল এছিড। ঘটনাটোৰ পাছত অনলাইন শ্বপিং জায়েন্ট ফ্লিপকাৰ্টে এছিড বিক্ৰেতা সকলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল’ব বুলি আশ্বাস দিয়ে।

কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে যে, এছিড বিক্ৰী বন্ধ কৰাৰ পাছতো কেনেকৈ বিক্ৰী কৰিবলৈ পালে বিক্ৰেতাই ? এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰিব নে চৰকাৰে ? যুৱতী সকলক আক্ৰমণ কৰা, মৃত্যুৰ মুখলৈ ঠেলি দিয়াই নেকি পুৰূষতান্ত্ৰিক সমাজৰ বীৰত্ব ?

এন এছ ডব্লিওৰ তথ্য অনুসৰি ২০২২ চনত মহিলাৰ ওপৰত অত্যাচাৰৰ ১৭৩৪৮ টা গোচৰ ৰুজু হৈছে। এন চি আৰ বিৰ তথ্য অনুসৰি ভাৰতবৰ্ষত প্ৰত্যেক দিনাই গড়ে ৮৬ টাকৈ ধৰ্ষণ কাণ্ডৰ গোচৰ ৰুজু কৰা হয় ।

প্ৰকৃততে আমি নাৰী সৱলীকৰণৰ কথা যিমানেই নকও কিয় ১৯০৯ চনৰ পৰা আজিলৈকে নাৰীয়ে নিজৰ অধিকাৰৰ বাবে কৰি অহা প্ৰতিবাদে আৰু কিমান দিন অতিক্ৰম কৰিব লাগিব তাৰ কোনো সঠিকতা নাই।

ইয়াৰ ওপৰিও নাৰীৰ সুৰক্ষাৰ হকে মাত মতা বহু লোক আছে , কিন্তু দৰাচলতে এই কন্ঠ কেৱল কাগজে কলমেই সীমাবদ্ধ নেকি ? আইন অনুসৰি বাল্যবিবাহ দণ্ডণীয় যদিও বহু ৰাজ্যত বৰ্তমানেও এই বিবাহৰ প্ৰচলন হৈ আহিছে।

নেছনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্যমতে কেৱল ২০১২ চনতে যৌতুকৰ দাবীৰ বলি হৈ ৮২৩৩ গৰাকী সদ্যবিবাহিত নাৰীয়ে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল। এই অত্যাচাৰৰ অন্তৰালত নিবিষ্ট হৈ আছে নাৰীক পণ্য ৰূপে গণ্য কৰাৰ পুৰুষতান্ত্ৰিক মানসিকতা।

বিশ্বকালীন সংকটকাল কভিড-১৯ৰ সময়ছোৱাত ভাৰতকে ধৰি ১৩ খন ৰাষ্ট্ৰত চলোৱা এক সমীক্ষা অনুসৰি অধিকাংশ নাৰীয়ে নিজা বাসগৃহতেই সুৰক্ষিত অনুভৱ নকৰে। এই সমীক্ষাৰ পৰা এটা কথাই প্ৰমাণিত হয় যে, যি নাৰী নিজা বাসগৃহতেই সুৰক্ষিত নহয়, তেনেস্থলত এখন সমাজে কিদৰে নাৰী গৰাকীক সুৰক্ষাৰ আশ্বাস প্ৰদান কৰিব !

আৰু পঢ়ক : ৫ বছৰীয়া কন্যাক হত্যা আৰু ধৰ্ষণ কৰিবলৈ ছুপাৰী কিলাৰৰ হাতত তুলি দিলে পিতৃয়ে...

delhi