৫ বছৰীয়া কন্যাক হত্যা আৰু ধৰ্ষণ কৰিবলৈ ছুপাৰী কিলাৰৰ হাতত তুলি দিলে পিতৃয়ে...

৫ বছৰীয়া কন্যাক হত্যা আৰু ধৰ্ষণ কৰিবলৈ ছুপাৰী কিলাৰৰ হাতত তুলি দিলে পিতৃয়ে...
৫ বছৰীয়া কন্যাক হত্যা আৰু ধৰ্ষণ কৰিবলৈ ছুপাৰী কিলাৰৰ হাতত তুলি দিলে পিতৃয়ে...

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ মানৱ সমাজক লজ্জানত কৰা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন অসমত। নিজ কন্যাকে ভাড়াতীয়া হত্যাকাৰীৰ জৰিয়তে হত্যা আৰু ধৰ্ষণকৰোৱালে পিতৃয়ে।

এটা হত্যাৰ গোচৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈকে পাষাণ পিতৃয়ে নিজৰ ৫ বছৰীয়া কন্যা শিশুক হত্যা কৰি ধৰ্ষণৰ বাবে ছুপাৰী কিলাৰৰ দ্বাৰা আন হত্যা কৰা ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত হৈছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ আৰাটগ্ৰাম গাঁৱত।

প্ৰাপ্ত বাতৰি মতে, আৰাটগ্ৰাম গাঁৱৰ আব্দুছ সাহাদৰ পুত্ৰ আব্বাছ আলীয়ে নিজৰ ৫ বছৰীয়া কণমানি কন্যা শিশুক হত্যা কৰি ধৰ্ষণৰ বাবে এগৰাকী ছুপাৰী কিলাৰৰ হাতত নিজে তুলি দিয়ে। চলিত বছৰৰ ১৮ আগষ্ট তাৰিখে দিনৰ প্ৰায় ৩ বজাত নিজৰ ৫ বছৰীয়া কন্যা শিশুক কোলাত তুলি লৈ পিতৃ আব্বাছ আলী পাৰ্শ্বৱৰ্তী জাহান উদ্দীন নামৰ শিক্ষক জনৰ মৰাপাটৰ খেতিলৈ যায়।

ইয়াৰ পাছত শিশুটিক হত্যা কৰি ধৰ্ষণৰ বাবে ১৩ হেজাৰ টকাৰ ঠিকা দিয়ে ছুপাৰী কিলাৰ মজিদুৰ ৰহমানৰ হাতত। কিছু সময়ৰ ভিতৰতে শিশুটিক মজিদুৰ নামৰ ছুপাৰী কিলাৰ জনে হত্যা কৰাৰ পিছত ধৰ্ষণ কৰে।

মৰাপাটৰ খেতিতে মৃতদেহটি পেলাই ঘটনাস্থালীৰ পৰা পাষাণ পিতৃ নৰপিশাষ মজিদুৰ আতৰি যায়। বিয়লি প্ৰায় ৭ বজাত মৰাপাট খেতিত মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পাছত গাওঁখনত হৈ-চৈৰ সৃষ্টি হয়।

পাষাণ পিতৃ আব্বাছ আলী কৌশলেৰে শিক্ষক জাহান উদ্দীনসহ মুঠ ১১ জন লোকৰ বিৰুদ্ধে সুখচৰ থানাত এক এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ১৩৬/২০২২ নম্বৰত গোচৰ পঞ্জীয়ন কৰি এজাহাৰত থকা ৭ জনৰ লগতে আন দুজন ব্যক্তিসহ মুঠ ৯ জনক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে।

ঘটনাক লৈ আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰে। অৱশেষত চাৰি মাহৰ অন্তত শিশু হত্যাকাণ্ডৰ লগত পিতৃ জড়িত থকাৰ এই নতুন ঘটনা পোহৰলৈ অহাত সমগ্ৰ জিলাজুৰি আলোড়নৰ সৃষ্টি হৈছে।

আৰক্ষীয়ে পিতৃ আব্বাছ আলী, হত্যা আৰু ধৰ্ষণ কৰা ছুপাৰী কিলাৰ মজিদুৰ ৰহমান আৰু মজিদুৰ ৰহমানক আত্ম গোপন কৰি ৰখাত সহায় কৰা মিনাৰুল হকক গ্ৰেপ্তাৰ কৰি আজি জিলা সত্ৰ ও ন্যায়াধীশ আদালতত হাজিৰ কৰে।

ফলত আদালতে তিনিও জনক জেললৈ প্ৰেৰণ কৰিছে। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদে জানিবলৈ দিয়া মতে, ২০১৬ চনত আব্বাছ আলী গাওঁখনৰে শিক্ষক জাহান উদ্দীনৰ এগৰাকী জীয়েকক প্ৰেমৰ প্ৰস্তাব দিছিল।

ইয়াক লৈ আব্বাছ আলীৰ লগতে জাহান উদ্দীনৰ পৰিয়াল কেন্দ্ৰীক সংঘাতৰ সৃষ্টি হয়। ঘটনাক লৈ গাওঁবাসীয়ে গাওঁসভা পাতি আব্বাছ আলীক শাস্তি প্ৰদান কৰে। প্ৰতিশোধৰ বাবে ঘটনাক লৈ আব্বাছ আলীসহ মুঠ ১১ জন অভিযুক্তই কিছুদিন পাছত জাহান উদ্দীনৰ এটি ৪.৬ বছৰীয়া শিশুক হত্যা কৰি পথাৰত পুতি থয়।

মৃতদেহ উদ্ধাৰৰ পাছত আৰক্ষীয়ে আব্বাছ আলীসহ ১১ জনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। উক্ত ঘটনাক লৈ ভাৰতীয় দণ্ডবিধিৰ ৩০২/ ৩৬৫ ধাৰাৰ অধীনত ২০/২০১৬ নম্বৰত গোচৰ পঞ্জীয়ন গোচৰটো আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে।

উক্ত গোচৰৰ ভিত্তীত মূল অভিযুক্ত আব্বাছ আলীৰ ফাঁচী হ'ব পাৰে বুলি একাংশ জনে তেওঁক অৱগত কৰাত এইদৰে উক্ত গোচৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ নিজৰ জীয়েকক ছুপাৰী কিলাৰৰ দ্বাৰা হত্যা কৰোৱাৰ লগতে ধৰ্ষণ কৰিবলৈও তুলি দিয়ে।

শিক্ষক জাহান উদ্দীনৰ ফৈদে আব্বাছ আলীৰ বিৰুদ্ধে আদালতত সাক্ষী নিদিবলৈ চাপ সৃষ্টিৰ বাবে এইদৰে পৰিকল্পিত ভাবে নিজৰ জীয়েকক হত্যা কৰি তেওঁলোকক অভিযুক্ত হিচাপে সজাইছিল বুলি জানিব পৰা গৈছে। ইতিমধ্যে ছুপাৰী কিলাৰ মজিদুৰ ৰহমানে হত্যাৰ বিবৰণি আৰক্ষীৰ ওচৰত প্ৰদান কৰিছে।

এটা হত্যাৰ গোচৰৰ পৰা নিজকে বচাবলৈ নিজৰ জীয়েকক হত্যা কৰি ধৰ্ষণ কৰিবলৈ ছুপাৰী কিলাৰৰ হাতত তুলি দিয়া ঘটনাক লৈ জিলাখনৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হত্যাকাৰীসহ পিতৃ আব্বাছ আলীক আদালতে ফাঁচী প্ৰদান কৰাৰ বাবে জিলাবাসীয়ে দাবী উত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in