'ইডি' লাগিলে সলনি হয় কাল!

'ইডি' লাগিলে সলনি হয় কাল!

মৃদুল কুমাৰ সন্দিকৈ

ইংৰাজী ব্যাকৰণৰ ক্লাছৰ শিক্ষকে ছাত্ৰক কৈ থকা কথাষাৰেই যেন এতিয়া ৰাজনীতিতো সত্য বুলি প্ৰমাণিত হৈছে। শ্ৰেণীকোঠাত ইংৰাজী শিক্ষকে প্ৰায়েই কয় কোনো শব্দৰ পাছত যদি ED যোগ হয় তেনে সময় সলনি হয়।

ভাৰতৰ ৰাজনীতিতো এতিয়া ইডি এক নেতা সকলৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে। কাৰোবাৰ পাছত যদি ইডি লাগিছে সেই ইংৰাজী ব্যাকৰণৰ নিয়মৰ দৰে ভাল সময়ৰ পৰা তেওঁ বেয়া সময়লৈ সলনি হৈছে নতুবা সলনি হৈছে তেওঁৰ ৰাজনৈতিক ঠিকনা।

ভাৰতৰ দুটা অনুসন্ধানকাৰী সংস্থাৰ ভূমিকাক লৈ বিৰোধী সৰৱ। চৰকাৰী পক্ষই বিৰোধীৰ ৰাজনৈতিক নেতা সকলৰ বিৰুদ্ধে এই সংস্থা দুটাক ব্যৱহাৰ কৰি ৰাজনৈতিক স্বাৰ্থসিদ্ধি কৰাৰ অভিযোগ তীব্ৰতৰ হৈ পৰিছে।

তাৰে এটা অনুসন্ধাকাৰী সংস্থা হল চিবিআই আৰু আনটো হল ইডি অৰ্থাৎ Enforcement Directorate। যাক অসমীয়াত কোৱা হয় প্ৰৱৰ্তন সঞ্চালকালয়। ১৯৫৬ চনৰ ১ মে'ত প্ৰথম ভাৰতত গঠন কৰা হৈছিল এনফৰ্চমেন্ট ইউনিট। ডিপাৰমেন্ট এফ ইকনমিত এফায়েৰ্চৰ অধীনত এই ইউনিট গঠন কৰাৰ উদ্দেশ্য আছিল ফৰেন একচেন্জ ৰেগুলেশ্যন এক্ট চমুকৈ ফি ই আৰ এ,৪৭ ভংগ কৰাৰ সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ।

এই ইউনিটৰ মুখ্য কাৰ্যালয় আছিল দিল্লীত। সঞ্চালক হিচাপে আছিল লিগেল চাৰ্ভিছৰ এজন বিষয়া, তেওঁক সহায় কৰিবলৈ ৰিজাৰ্ভ বেংকৰ এজন বিষয়া আৰু দুজন আৰক্ষী পৰিদৰ্শক। তেতিয়া বোম্বাই আৰু কলিকতাত ইয়াৰ দুটা শাখা আছিল।

১৯৫৭ চনত ইয়াক নামাকৰণ কৰা হৈছিল Enforcement Directorate। সমান্তৰালভালে মাদ্ৰাছতো আন এটা শাখা খোলা হৈছিল। ১৯৬০ ত ইয়াক ডিপাৰ্টমেন্ট এফ ইকনমিক এফায়াৰ্চৰ অধীনলৈ নিয়া হয়।

মূলত ধনৰ লেনদেনত হোৱা বিসংগতি, খেলি-মেলি আদিৰ বিষয়বোৰে Enforcement Directorate য়ে তদাৰক কৰে। ৰাজনীতি মানে যিহেতুু ধন, দুৰ্নীতি সেয়েহে ইয়াৰ প্ৰাসংগিকতা বৃদ্ধি পাবলৈ ধৰিলে।

এই ধৰণৰ অপৰাধবোৰ প্ৰতিৰোধ কৰিবলৈ চৰকাৰে আনিলে প্ৰিভেনশ্যন মানি লেণ্ডিং এক্ট চমুকৈ পিএমএলএ আৰু ফৰেন একচেঞ্চ মেনেজমেন্ট এক্ট এফইএমএ। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ ইডিত ৰুজু হোৱা গোচৰৰ সংখ্যা আছিল ১১২ টা। ২০১৪ চনৰ পৰা ২০২২ লৈ সেই গোচৰৰ সংখ্যা আছিল ৩০১০ টা। অৰ্থাৎ ২৭ গুণৰো অধিক গোচৰ ইডিয়ে বেছিকৈ ল'ব লগা হয়।

পিএমএলএৰ অধীনত ৯৯,৩৫৬ কোটি টকাৰ গোচৰ ইডিয়ে এই সময়চোৱাত তদন্ত কৰিব লগা হৈছে। ইডিৰ এই তৎপৰতা নিসন্দেহে দুৰ্নীতি প্ৰতিৰোধ, নেতাৰ অনিয়ম উদঙাই দিয়াৰ ক্ষেত্ৰত এক আধাৰ হ'ব পৰা সুযোগ আছিল। কিন্তু সেই সুযোগ যেন এনেবোৰ মূল বাস্তৱ লক্ষ্যতকৈ ৰাজনৈতিক কাৰণত লৈছে শাসনত অধিষ্ঠিত সকলে।

সেই প্ৰশ্ন এইকাৰণে উঠিছে যে বিভিন্ন সমীক্ষা আৰু তথ্য যোৱা ৮ বছৰত ইডি আৰু চিবিআইয়ে লোৱা গোচৰ বা তদন্তৰ ৯৫ শতাংশই বিৰোধী নেতাৰ বিৰুদ্ধে। দুৰ্নীতি শাসনত থকা বা নথকা দুই পক্ষৰ নেতাই কৰে। সেই দুৰ্নীতি কৰা প্ৰকৃত নেতা সকলৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ সলনি বিৰোধীক দুৰ্বল কৰিবলৈ বচা বচা নেতাৰ পাছত ইডি, চিবিআই মেলি দিয়াতো বহুতৰে দৃষ্টিগোচৰ হৈছে।

কেতিয়াবা এনে হৈছে যে চিবিআই চমন জাৰি কৰি নি নেতাক জেৰা কৰে। তাৰপাছত ইডিয়ে সেই গোচৰৰ পিছ লৈ শাসকপক্ষৰ চকুৰ কূটা হৈ পৰা নেতাক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি ৰাতিটোৰ ভিতৰতে দল সলনি কৰিবলৈ বাধ্য কৰে।

সৈতেন্দ্ৰ জৈন, মনিষ ছিচদিয়া এতিয়া জেলত। কিন্তু মুকুল ৰয় জেললৈ যাব লগা নহ'ল। অজিত পাৱাৰে ইডিৰ চমন লাভ কৰিয়েই গেৰুৱা সাজ পিন্ধিবলৈ সাজু হৈ আছে। ইডিৰ এনে কি শক্তি আছে যে কোনো নেতাৰ পাছত তেওঁলোক লাগিলে নেতাৰ ধ্বজা উৰি যায়।

দুৰ্নীতি আমাৰ নেতা সকলৰ এক স্বভাৱত পৰিণত হৈছে। সেই দুৰ্নীতিৰ মেৰপাক খোল খালে কাৰাগাৰৰ বিকল্প নাইকীয়া হৈ পৰে। তেনে পৰিস্থিতিত নেতা সকলে শাসকীয় পক্ষলৈ গৈ কাৰাগাৰ গমন বা আন আইনী মেৰপাকৰ পৰা নিজকে ৰক্ষা কৰাতোয়েই শ্ৰেষ্ঠ বুলি ভাৱে।

সঞ্জয় ৰাৱট, ফাৰুক আব্দুল্লা, অভিষেক বেনাৰ্জী ইডিৰ স্কেনাৰত পৰা নেতাৰ সুৰত পূৰ্বৰ দৰে জোৰ নাথাকে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো সেই অনুসন্ধানকাৰী সংস্থাৰ জৰিয়তে মাতি নি জেৰা কৰি এফালে চৰকাৰে এই বাৰ্তা দিলে যে আইনৰ আগত কোনো ডাঙৰ-সৰু নহয়। আনহাতে সমান্তৰালভাৱে এই কথাও বুজাই দিলে, বেছি হুলস্থূল কৰি থাকিলে এই পথবোৰ খুলা আছে।

ইডিৰ বিৰুদ্ধে তেনে অভিযোগ-প্ৰতিঅভিযোগৰ মাজতেই এজন ৰাজনৈতিক নেতাই ইডিলৈকে জাৰি কৰিলে জাননী।সাধাৰণতে নেতালৈ ইডিৰ চমন আহে, এইবাৰ নেতাৰ পৰা ইডিলৈ চমন গ'ল।

কথাতো হাস্যকৰ নহয়, চিন্তনীয়। আপৰ সাংসদ সঞ্জয় সিঙে ইডিলৈ জাৰি কৰিলে এই জাননী। এই জাননী খনত ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে অভিযোগ কৰে যে ইডিয়ে ষড়যন্ত্ৰমূলকভাৱে দিল্লীৰ সুৰা নীতি কেলেংকাৰী গোচৰত তেওঁৰ নাম লৈছে। সাংসদ সিঙে প্ৰত্যাহ্বান জনাই কয়, এই বিষয়টোৰ সৈতে তেওঁ কোনো পধ্যেই জড়িত নহয়।

সাসংদ গৰাকী সেয়েহে ইডিয়ে তেওঁৰ ভাৱমূৰ্তি নষ্ট কৰাৰ বুলি অভিযোগ কৰি ইডিলৈ আইনী জাননী প্ৰেৰণ কৰি কৈছে যে যদি ইডিয়ে ৪৮ ঘন্টাৰ ভিতৰত ভুল স্বীকাৰ কৰি ৰাজহুৱা ক্ষমা নিবিচাৰে তেন্তে তেওঁ আদালতত গোচৰ তৰিব।যি সময়ত ইখনৰ পাছত সিখন জাননী বিৰোধী নেতালৈ জাননী জাৰি কৰি গৈছে, সম্ভৱত তাৰ মাজত এইখনেই প্ৰথম নেতাই প্ৰেৰণ কৰা জাননী ইডিয়ে লাভ কৰিলে।

অভিযোগ উঠিছিল আদানীৰ বিৰুদ্ধে। হাজাৰ হাজাৰ কোটি টকাৰ ফাঁকি এই অভিযোগবোৰ ইডিয়ে কিন্তু আজিলেকৈ দেখা নাপালে। দেখা নাপাই চিবিআইয়েও ক্ষমতাত থকা সকলৰ পক্ষত থকা জনৰ দোষ।

এনেকৈয়ে চলি আছে দেশ। সময় চাই কিছুয়ে সলাইছে বেশ। অপৰাধ সেইসকলৰ বাবে গৌণ। মৌন হৈ নথকা সকলৰ বাবে এতিয়া ইডি, চিবিআই হৈ পৰিছে ব্ৰহ্মাস্ত্ৰ।

'ইডি' লাগিলে সলনি হয় কাল!
দুজনী চৰাইৰ কাহিনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in