অনলাইন জুৱাঃ পুলিচ পাপৰিক শাস্তি, শিক্ষক লাবুমণিৰ বিৰুদ্ধে ব্যৱস্থা ল'ব কেতিয়া?

অনলাইন জুৱাঃ পুলিচ পাপৰিক শাস্তি, শিক্ষক লাবুমণিৰ বিৰুদ্ধে ব্যৱস্থা ল'ব কেতিয়া?

ডিজিটেল ডেস্কঃ চৰকাৰী নীতি-নিয়ম উলংঘা কৰি অনলাইন গেমিং এপৰ প্ৰচাৰ কৰি চাকৰিৰ পৰা নিলম্বিত হ’ল পাপৰি কলিতা। কিন্তু ইমানৰ পাছতো বুকু ফিন্দাই এনেবোৰ জুৱা খেলৰ অবাধ প্ৰচাৰত ব্যস্ত থকা শিক্ষক লাবুমণি আমচঙৰ বিৰুদ্ধে ব্যৱস্থা ল’ব কেতিয়া? পাপৰি কলিতাৰ বিৰুদ্ধে বিভাগীয়ভাৱে কঠোৰ শাস্তি গ্ৰহণ কৰাৰ পিছত চৰকাৰী প্ৰাথমিক শিক্ষক লাবুমণিৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে এতিয়া সৰ্বত্ৰে।

শেহতীয়া সামাজিক মাধ্যমত লাবুমণিৰ বিৰুদ্ধে তীব্ৰ জনমতৰ সৃষ্টি হৈছে। শিক্ষকতাৰ দৰে এটা পৱিত্ৰ বৃত্তিত নিয়োজিত থাকিও সামাজিক মাধ্যমত কেনেকৈ জুৱাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰে, তাক লৈ প্ৰশ্ন কৰিছে বহুজনে।  সকলো প্ৰমাণ থকাৰ পাছতো এতিয়ালৈকে শিক্ষা বিভাগ তথা জিলা প্ৰশাসনে কিয় কঠোৰ ব্যৱস্থা এইগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা নাই? কোনো অদৃশ্য শক্তিৰ শক্তিৰে বলীয়ান নেকি এইগৰাকী ইউটিউবাৰ? এনে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে বহু নেটিজেনে।

আনহাতে চৰকাৰী কৰ্মচাৰী হৈও জুৱাৰ দৰে গেমিং এপ ধন বিনিময়ত প্ৰচাৰ প্ৰসাৰ এই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকগৰাকীয়ে নিজৰ ভুল স্বীকাৰ নকৰি শেহতীয়াকৈ প্ৰত্যাহ্বান জনোৱাহে দেখা গৈছে। উল্লেখ কৰা প্ৰয়োজন যে, মৰিগাঁও জিলাৰ আহঁতগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক লাবুমণি। ১৯৩৯চনতে স্থাপিত এই প্ৰাথমিক স্কুলখনৰ শিক্ষক হৈও লাবুমণিয়ে দীৰ্ঘদিন ধনৰ বিনিময়ত চলাই গৈছে অনলাইন জুৱা গেমৰ প্ৰচাৰ।

ফেচবুক আৰু ইউটিউবৰ প্ৰায়বোৰ ভিডিঅ'ৰ কেপচনত লাবুমণিয়ে এনে গেমৰ লিংক দি কেনেকৈ ৰেহাই মূল্যত খেলিব পাৰি তাৰ কিটিপো প্ৰদান কৰিছে। নিজৰ প্ৰম কড ব্যৱহাৰ কৰি ন শিকাৰুসকলে কিদৰে এই জুৱাৰ জগতখনত প্ৰৱেশ কৰিব পাৰিব তাৰ বাবেও দিহা প্ৰদান কৰে এই শিক্ষকৰূপী ক্ৰিয়েটৰ লাবুমণিয়ে।

এইখিনিতে উল্লেখ নকৰি নোৱাৰি যে, শেহতীয়াকৈ অসম আৰক্ষীয়ে নিলম্বন কৰা পাপৰি কলিতা নিলম্বনৰ অন্যতম এটা কাৰন আছিল যে, চৰকাৰী কৰ্মচাৰী হৈ ধনৰ বিনিময়ত এনে গেমৰ প্ৰচাৰ কৰা। চৰকাৰী নিয়ম অনুসৰি, কোনো চৰকাৰী কৰ্মচাৰীয়েই নিজৰ কাৰ্যকালত এনে ধৰণৰ কাম কৰিব নোৱাৰে। তেনেস্থলত এগৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে এজনৰ প্ৰতি চৰকাৰ তথা প্ৰশাসন ইমান দৰদ কিয়, সেই প্ৰশ্নও উত্থাপিত হৈছে।

অনলাইন জুৱাঃ পুলিচ পাপৰিক শাস্তি, শিক্ষক লাবুমণিৰ বিৰুদ্ধে ব্যৱস্থা ল'ব কেতিয়া?
অনলাইন জুৱা : এটা প্ৰশ্ন আৰু এটা উত্তৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in