কিশোৰীক দলবদ্ধ ধৰ্ষণ, আটক মহিলাসহ ৫ জন

কিশোৰীক দলবদ্ধ ধৰ্ষণ, আটক মহিলাসহ ৫ জন

author-image
Asomiya Pratidin
New Update
টাঙোনেৰে প্ৰহাৰ কৰি এজনক নৃশংসভাৱে হত্যা...

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীৰ পৰা এক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষীয়ে দেওবাৰে জনাই এই কথা। আৰক্ষীয়ে জনোৱা অনুসৰি দিল্লীৰ সদৰ বজাৰত এগৰাকী মহিলাই ১২ বছৰীয়া এগৰাকী কিশোৰীক ফুচলাই নিৰ্জন ঠাইলৈ লৈ যায়। তাতেই কিশোৰীগৰাকীৰ দলবদ্ধ ধৰ্ষণ হোৱাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

আৰক্ষীয়ে ইতিমধ্যে ৩ কিশোৰৰ লগতে ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে মহিলাগৰাকী দিল্লী সদৰ বজাৰস্থিত এখন চাহৰ দোকানৰ গ্ৰাহক। সেই দোকানখনৰ মালিক আৰু কিশোৰ কেইজনৰ লগত মিলিয়েই এই ঘটনা সংঘটিত কৰে।

জানিব পৰা মতে এই ধৰ্ষণকাণ্ডৰ সম্পূৰ্ণ পৰিকল্পনা কৰিছিল অভিযুক্তই আৰু কিশোৰী গৰাকীক লৈ অনাৰ বাবে মহিলাগৰাকীক টকা দিছিল। ২ জানুৱাৰীত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড।

ভুক্তভোগী কিশোৰী গৰাকীয়ে এই বিষেয় অইন লোকৰ আগত অবগত নকৰে যাতে তাৰ বাবে ভাবুকি দিছিল অভিযুক্তই। কিন্তু ৫ জানুৱাৰীত কিশোৰীগৰাকীয়ে নিজ বান্ধৱীৰ আগত এই কথা কয়। তাৰপাছতে এই ঘটনা সন্দৰ্ভত পৰিয়ালে গম পাই এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটাইকেইজনক আটক কৰে।

Also Read: জাপানীজ এন্‌কেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু যুৱতীৰ

crime