/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/52308387-4df8-4b4e-b70d-85cb4170369c/xcvxcxc.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈত জাপানীজ এনকেফেলাইটিজৰ আতংক।শেহতীয়াভাৱে মঙলদৈত জাপানীজ এনকেফেলাইটিজ সদৃশ ৰোগত মৃত্যু হয় এগৰাকী ছাত্ৰীৰ।
ছাত্ৰী গৰাকী মঙলদৈ আৰেঙৰ সুস্মিতা হাজৰিকা। ছাত্ৰীগৰাকী আইনৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰী আছিল। কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল ছাত্ৰীগৰাকী। মঙলদৈত চিকিৎসা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।
কিন্তু শনিবাৰে পুৱতি নিশা ছাত্ৰী গৰাকীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।উল্লেখযোগ্য যে এবছৰ পূৰ্বেও একে অঞ্চলৰে এগৰাকী কিশোৰীৰ মৃত্যু হৈছিল এই ৰোগত। সুস্মিতাৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছা পৰিছে।
Also Read: ধন খৰচ নকৰাকৈ উপভোগ কৰিব বিচাৰিছে নেকি কাজিৰঙাৰ সৌন্দৰ্য ? তেন্তে আহক এইখন গাঁৱলৈ...