দিল্লীৰ বানাক্ৰান্তক সহায়ৰ হাত "আমি অসমীয়া সংস্থা"ৰ...

সুস্থিৰতা লাভ কৰা নাই দিল্লীৰ বান পৰিস্থিতিয়ে। বৰ্তমানেও আশ্ৰয় শিবিৰত বাহৰ পাতি আছে বানাক্ৰান্তলকলে ৷

author-image
Asomiya Pratidin
New Update
দিল্লীৰ বানাক্ৰান্তক সহায়ৰ হাত "আমি অসমীয়া সংস্থা"ৰ...

ডিজিটেল ডেস্কঃ এতিয়াও সুস্থিৰতা লাভ কৰা নাই দিল্লীৰ বান পৰিস্থিতিয়ে। দিল্লীৰ বান পৰিস্থিতিৰ বাবে বৰ্তমানেও আশ্ৰয় শিবিৰত বাহৰ পাতি আছে বানাক্ৰান্তসকলে ৷ আশ্ৰয় শিবিৰত বাহৰ পাতিব লগা হোৱা বানাক্ৰান্তলোকক শিবিৰত সহায় কৰিবৰ বাবে আহবাঢ়ি আহিছে বিভিন্ন বেচৰকাৰী সংস্থা ৷ শনিবাৰে নয়ডাৰ "আমি অসমীয়া সংস্থা"ইয়ো দিল্লীৰ চৰাই কালেখা আশ্ৰয় শিবিৰত বান সাহায্য বিতৰণ কৰে ৷

Advertisment

সংস্থাটোৱে শিবিৰত থকা লোকসকলক বিভিন্ন খাদ্য সামগ্ৰী যোগান ধৰি সহায়ৰ হাত আগবঢ়ায়। উল্লেখ্য কেন্দ্ৰীয় জল আয়োগে জনোৱা অনুসৰি দিল্লীত পুনৰ বান পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকা আছে। ৰাষ্ট্ৰীয় ৰাজধানীত যমুনা নদীৰ পানীৰ স্তৰে দেওবাৰে পুৱা ১০ বজাত ২০৬.০১ মিটাৰ উচ্চতা অতিক্ৰম কৰিছে।

যাৰ বাবে এতিয়াও আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে বানাক্ৰান্তসকল। দিল্লী চৰকাৰৰ সমান্তৰালভাবে এই বানাক্ৰান্তসকলক সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন সংস্থাই। দিল্লীৰ প্ৰবাসী অসমীয়া সংস্থা "আমি অসমীয়া সংস্থা"ইয়ো এইসকললোকক সহায়ৰ হাত আগবঢ়াই নয়ডাৰ উক্ত শিবিৰত।

Also Read: দিল্লীলৈ যাব খোজা লাচিতক ভাইৰেল কল ৰেকৰ্ডিঙে দেখুৱালে জে'লৰ বাট !

delhi Delhi flood