দিল্লীলৈ যাব খোজা লাচিতক ভাইৰেল কল ৰেকৰ্ডিঙে দেখুৱালে জে'লৰ বাট !

দিল্লীলৈ যাব খোজা লাচিতক ভাইৰেল কল ৰেকৰ্ডিঙে দেখুৱালে জে'লৰ বাট !
দিল্লীলৈ যাব খোজা লাচিতক ভাইৰেল কল ৰেকৰ্ডিঙে দেখুৱালে জে'লৰ বাট !

ডিজিটেল ডেস্কঃ ৰাজ্যৰ এগৰাকী সম্ভাৱনাময় যুৱ নেতা লাচিত গগৈ। বিজেপিৰ অ' বি চি মৰ্চাৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত থকা এইগৰাকী নেতাৰ সপোন আছিল ২০২৪ ত যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ।

পিছে পৰিস্থিতি এনে হ’লগৈ যে, এটা ভাইৰেল হোৱা অডিঅ’য়ে তেওঁক দিল্লীলৈ বাট দেখুওৱাৰ সলনি কাৰাগাৰলৈ বাট দেখুৱাই দিলে। প্ৰথমে ভাইৰেল হৈছিল আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইৰ সৈতে তেওঁ পতা এটা কথোপকথনৰ অডিঅ’।

মিলন বুঢ়াগোহাঁই নামৰ তথাকথিত আটাছু নেতাগৰাকীয়ে বন্ধু বুলি সম্বোধন কৰি লাচিত গগৈক দিছিল কেইবাটাও ভাল খবৰ। ফোনতে এই খবৰ দি লাচিত গগৈৰ পৰা কি টিপছ ল’ব সেই কথা ভাবি আছে বুলিও উল্লেখ কৰিছিল।

প্ৰসংগ আছিল যোৰহাট লোকসভা সমষ্টিৰ টিকট কোনে পাব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মিলন বুঢ়াগোহাঁই নামৰ ধুৰন্ধৰ আটাছু নেতাজনে জনাইছিল লাচিত গগৈৰ হৈয়ে তেওঁ টিকটৰ বাবে মুখ্যমন্ত্ৰীক ফৰমাইছ কৰিছে।

তাৰ পাছত বহু মিঠা কথা। লাচিত গগৈয়ে ভাল পোৱা কথাবোৰ কৈ গৈছিল মিলন বুঢ়াগোহাঁইয়ে। ইয়াৰ পাছতে আকৌ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত ভাইৰেল হ’ল আন এটা অডিঅ’ ক্লিপ।

এইবাৰো কথা পতা মানুহ সেই দুজনেই। এজনে তেওঁ দিয়া ধন ঘূৰাই বিচাৰিছে। আনজনে সেই ধন ঘূৰাই দিব এতিয়াই পৰা নাযাব বুলি তেওঁক বুজাইছে। ধন দিওতাই ফোনতেই কিয় ধন দিছিল সেই কথাও কৈছে।

চুপাৰী ছিণ্ডিকেট চলাবলৈ দুখন জিলাৰ আৰক্ষী অধীক্ষকক দিবলৈ প্ৰায় ১৬ লাখৰো অধিক টকা তেওঁক দিছিল। তাৰে এজন আছিল বৰ্তমানৰ কাৰ্বি আংলং জিলাৰ অধীক্ষক সঞ্জীৱ শইকীয়া।

ফোনত আনকি ধন দিওতা জনে তেওঁক পৰামৰ্শ দিছে, কামটো যিহেতু নহ’লেই সেয়ে আৰক্ষী অধীক্ষকজনৰ পৰা টকাটো ঘূৰাই বিচাৰিব লাগে তেওঁ। এইদৰে ধন বিচৰা লোকজনেই আছিল বিজেপি নেতা লাচিত গগৈ।

আৰু আৰক্ষীক মেনেজ কৰিবলৈ ধন লোৱা জনেই হ’ল আটাছু নেতা মিলন বুঢ়াগাহাঁই। আৰক্ষী অধীক্ষকক ধন দিছিল নে নাই সেয়া আটাছু নেতাজনেহে গম পাব। লাচিত গগৈয়ে ফোনত এনেকৈয়ো কৈছে যে সেই ধন পীযুষ দা বা আন ক্ষমতাশালী লোকক কৈ তেওঁ ঘূৰাই আনিব।

সেই ফোনকলেই এফালে প্ৰমাণ কৰে ছিণ্ডিকেট ৰাজ অন্ত পৰা নাই। আঁৰত চলি আছে এইবোৰ কাৰবাৰ। চৰ্দাৰ ৰূপত বহি আছে বহু বাঘা বাঘা লোক। সেই ধাৰণা এই টেলিফোন বাৰ্তালাপ শুনা প্ৰতিজন লোকৰে হ’ব।

তাৰ পাছতেই আৰক্ষীৰ তৎপৰতা। কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকে এই ভাইৰেল হোৱা অডিঅ’ৰ ভিত্তিত ডিফু আৰক্ষী থানাত ৰুজু কৰিলে গোচৰ। সেই গোচৰৰ ভিত্তিতে মৰাণ আৰক্ষীয়ে শুকুৰবাৰে নিশা মাহমৰা কচুমৰাৰীৰ পৰা আটক কৰিলে বিজেপিৰ নেতা লাচিত গগৈক। ইয়াৰ পাছত তেওঁক লৈ নিয়া হয় ডিফুলৈ।

দিল্লীলৈ যাব খোজা লাচিতক ভাইৰেল কল ৰেকৰ্ডিঙে দেখুৱালে জে'লৰ বাট !
কাগজকলৰ পাছত এইবাৰ সাৰ কাৰখানাঃ অপমৃত্যু ঘটিব নামৰূপৰ BVFCL ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in