দিল্লীত ৮০ লাখ বিদেশী মূলৰ চিগাৰেটসহ ৩২৮ কেজি ড্ৰাগছ নিষ্কাশন

দিল্লীত ৮০ লাখ বিদেশী মূলৰ চিগাৰেটসহ ৩২৮ কেজি ড্ৰাগছ নিষ্কাশন

author-image
Asomiya Pratidin
New Update
দিল্লীত ৮০ লাখ বিদেশী মূলৰ চিগাৰেটসহ ৩২৮ কেজি ড্ৰাগছ নিষ্কাশন

ডিজিটেল ডেস্কঃ বুধবাৰে দিল্লী শুল্ক বিভাগে জব্দ কৰা প্ৰায় ২৯৪ কোটি টকাৰ ৩২৮ কিলোগ্ৰাম নিচাজাতীয় পদাৰ্থ আৰু বিদেশী মূলৰ চিগাৰেট নিষ্কাশন কৰে। দিল্লী শুল্ক বিভাগৰ বিশেষ অভিযান '৩.০'ৰ অংশ হিচাপে দিল্লী শুল্ক প্ৰতিৰোধী মণ্ডলে ৮০ লাখ চিগাৰেট, ২৮৬ কিলোগ্ৰাম খাট পাত, ২৯ কেজি হিৰ’ইন, ৬ কেজি কোকেইন আৰু ৭ কিলোগ্ৰাম এম্ফেটামাইন নিষ্কাশন কৰে।

Advertisment

কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডৰ মুৰব্বী সঞ্জয় কুমাৰ আগৰৱালাই জনোৱা মতে, বুধবাৰে ৩২৮ কেজি নিচাজাতীয় পদাৰ্থ ধ্বংস কৰা হৈছে যাৰ মূল্য ২৮৪ কোটি টকা। লগতে বুধবাৰে ধ্বংস কৰা ৮০ লাখ বিদেশী মূলৰ চিগাৰেটৰ মূল্য ৯.৮৫ কোটি টকা।

জানিব পৰা মতে এই নিচাজাতীয় পদাৰ্থসমূহৰ নিষ্কাশন জাহাংগীৰপুৰীস্থিত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (চিপিচিবি)ৰ অনুমোদিত জৈৱিক আৱৰ্জনা ব্যৱস্থাপনা সুবিধাত কৰা হৈছে। চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী আইন উলংঘা কৰি ভাৰতলৈ সৰবৰাহিত হৈ আহিছিল বিদেশী মূলৰ চিগাৰেটসমূহ।

দিল্লী (প্ৰিভেণ্টিভ)ৰ মুখ্য আয়ুক্ত শুল্ক বিভাগৰ এছ ভি সিঙে কয় যে এই বিত্তীয় বৰ্ষৰ দিল্লী মণ্ডলত এতিয়ালৈকে মুঠ ১৪৮৫ কিলোগ্ৰাম নিচাযুক্ত দ্ৰব্য নিষ্কাশন কৰা হৈছে। ইয়াৰ ভিতৰত ২৮ কেজি হিৰ’ইন, ৪৫৭ কিলোগ্ৰাম গামা আৰু ১০০০ কিলোগ্ৰাম এম্ফেটামাইন আছিল।

Also Read: প্ৰতিবাদ: বিদুৎ বিভাগৰ কাৰ্যালয়ত এৰি দিলে ঘৰিয়াল...

drugs seized