অৱশেষত মুক্তি লাভ কৰিলে কা আন্দোলনৰ সকলো ছাত্ৰ নেতা-নেত্ৰীয়ে

অৱশেষত মুক্তি লাভ কৰিলে কা আন্দোলনৰ সকলো ছাত্ৰ নেতা-নেত্ৰীয়ে

ডিজিটেল ডেস্ক : অৱশেষত মুক্তি লাভ কৰিলে দিল্লীৰ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ কা আন্দোলনৰ সকলো ছাত্ৰ নেতা-নেত্ৰীয়ে । এই সিদ্ধান্ত গ্ৰহণ কৰিলে শনিবাৰে নতুন দিল্লীস্থিত এক আদালতে । আদালতে প্ৰকাশ কৰা তালিকা অনুসৰি সৰ্বমুঠ ১১ গৰাকীকৈ আন্দোলনকাৰীক বিদ্ৰোহ সূচনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু সকলো কেইজনকেই দোষমুক্ত ঘোষণা কৰিলে সুদীৰ্ঘ কালে অপেক্ষাৰ অন্তত । চাফুৰা জাগাৰ, শ্বাৰ্জিল ইমাম, আছিফ ইকবাল টানহা, চন্দা যাদৱ, মহম্মদ আবুজাৰ, ওমৰ আহমেদ, মহম্মদ শ্বোৱেইব, মাদমুদ আনৱাৰ, মহম্মদ কাচিম, বিলাল নাদিম, শ্বাহজাৰ ৰাজা খান ।

অৱশ্যে শ্বাৰ্জিল ইমামৰ ওপৰত আছে আন কেইবাটাও গোচৰ যাৰ বাবে বৰ্তমান বেইল লাভ নকৰে ছাত্ৰ নেতাজনে । আনহাতে, চাফুৰা জাগাৰ আৰু আছিফ ইকবাল টানহাৰ ওপৰত ২০২১ চনত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হৈছিল যদিও সেই গোচৰ খাৰিজ কৰা হয় শনিবাৰে ।

উল্লেখ্য যে, এই ১১ গৰাকী নেতাই ২০১৯ চনত নতুন দিল্লীৰ কা আন্দোলনৰ গুৰি ধৰিছিল বিশ্ববিদ্যালয় সমূহত সেই সময়ত । যাৰ বাবে বহু গুৰুতৰ গোচৰৰ সন্মুখীন হ'ব লগীয়া হৈছিল ছাত্ৰ নেতাসকল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in