ন্যায়িক জিম্মালৈ প্ৰেৰণ কেজৰিৱালক...

ন্যায়িক জিম্মালৈ প্ৰেৰণ কেজৰিৱালক...

author-image
Asomiya Pratidin
New Update
ন্যায়িক জিম্মালৈ প্ৰেৰণ কেজৰিৱালক...

ডিজিটেল ডেস্কঃ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে অৰবিন্দ কেজৰিৱালক। দিল্লীৰ ৰ'জ এভিনিউ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে কেজৰিৱালক। ১৫ এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মাত থাকিব লাগিব কেজৰিৱাল।

Advertisment

ইয়াৰ পূৰ্বে, ২৮ মাৰ্চত ৰ'জ এভিনিউ আদালতে কেজৰিৱালৰ ইডিৰ জিম্মা ১ এপ্ৰিললৈ বৃদ্ধি কৰিছিল। ইডি জিম্মা সমাপ্ত হোৱাৰ পাছত আজি আদালতত হাজিৰ কৰোৱা হৈছিল মুখ্যমন্ত্ৰীগৰাকীক। ইডিয়ে ন্যায়িক জিম্মাত বিচাৰিছিল তাৰ পিছতেই দিল্লী ৰ'জ আদালতে ১৫ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে কেজৰিৱালক। তিহাৰ জেললৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক।

উল্লেখ্য যে, প্ৰায় ৬০০কোটি টকাৰ সুৰা কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱাত ইডিয়ে ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। প্ৰথমে ৯বাৰকৈ ইডিয়ে চমন দিয়াৰ পাছতো অৰবিন্দ কেজৰিৱাল উপস্থিত নোহোৱাত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰী বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

Also Read: মথুৰাপুৰ ব’হাগী বিদায় উৎসৱৰ কাৰ্যালয় মুকলি

delhi aap arvinda kejriwal