/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/46346ef6-a1ab-4fa3-b5ab-1f4003114ff3/DELHI_2.jpg)
শনিবাৰে দিল্লীত অৱতৰণ কৰিব নোৱাৰিলে ১৮ খনকৈ বিমান...
ডিজিটেল ডেস্কঃ শনিবাৰে দিনটোত দিল্লীত ১৮ খনকৈ বিমান অৱতৰণ কৰাত ব্যাঘাত জন্মিল। ঘন কুঁৱলীৰ বাবে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণৰ বাবে চেষ্টা কৰিও ব্যৰ্থ হয় ১৮ খনকৈ বিমান।
ফলশ্ৰুতিত এই বিমান কেইখন পৃথক চহৰত অৱতৰণ কৰিবলগীয়া হয়। ইয়াৰোপৰি কেইবাখো বিমান সময়মতে অৱতৰণ কৰিব নোৱাৰিলে।
উল্লেখ্য যে, পুৱা ৭-৩০ বজাৰ পৰা ১০-৩০ বজাৰ ভিতৰত বিভিন্ন চহৰৰ পৰা মুঠ ১৮ খন দিল্লী অভিমুখে বিমান উৰা মাৰিছিল যদিও ঘন কুঁৱলীৰ বাবে দিল্লীৰ পৰিৱৰ্তে জয়পুৰ, লক্ষ্ণৌ, আহমেদাবাদ আৰু অমৃতসৰত অৱতৰণ কৰিবলগীয়া হয়।
এনে পৰিষ্ঠিত যাত্ৰীসকল বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। এই সন্দৰ্ভত বিমান পৰিবহণ সংস্থা স্পাইজেটে তেওঁলোকৰ এক্স হেণ্ডেলত লিখিছে, দিল্লীৰ বেয়া বতৰৰ বাবে বিমান পৰিচালনাত অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ প্ৰভাৱ আমাৰ সেৱাৰ ওপৰত পৰিব পাৰে। যাত্ৰীসকলে নিৰ্ধাৰিত ৱেবচাইট চাই বিমানৰ স্থিতি পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছো।
পুৱা প্ৰথমে দুখনকৈ ভিস্তাৰা বিমান ক্ৰমে ইউ কে ৯০৬ বিমানখন দিল্লীত অৱতৰণ কৰিব নোৱাৰাৰ ফলত আহমেদাবাদলৈ উৰা মাৰে। মুম্বাইৰ পৰা দিল্লীলৈ যোৱা ইউ কে ৯৫০ বিমানখন আকৌ জয়পুৰত অৱতৰণ কৰে। এইদৰে ১৮ খনকৈ বিমান অৱতৰণ অন্য চহৰত কৰা হয়।
যোৱ কেই সপ্তাহমানৰ পৰা দিল্লীত বায়ুত প্ৰদূষণ যথেষ্ট বৃদ্ধি পাইছে। শনিবাৰে অৱশ্যে পৰিস্থিতি কিছু উন্নত আছিল। ঘন কুঁৱলীয়েহে এনে পৰিস্থিতিৰ সূচনা কৰিলে।
#WeatherUpdate: Due to bad weather in Delhi (DEL), all departures/arrivals and their consequential flights might be affected. Passengers are requested to keep a check on their flight status via https://t.co/VkU7yLjrw0.
— SpiceJet (@flyspicejet) December 2, 2023
Also Read: গহপুৰত G-Jam কুইজ প্ৰতিযোগিতালৈ ছাত্র-ছাত্ৰীৰ ব্যাপক সঁহাৰি...