গহপুৰত G-Jam কুইজ প্ৰতিযোগিতালৈ ছাত্র-ছাত্ৰীৰ ব্যাপক সঁহাৰি...

গহপুৰত G-Jam কুইজ প্ৰতিযোগিতালৈ ছাত্র-ছাত্ৰীৰ ব্যাপক সঁহাৰি...
গহপুৰত G-Jam কুইজ প্ৰতিযোগিতালৈ ছাত্র-ছাত্ৰীৰ ব্যাপক সঁহাৰি...

ডিজিটেল সংবাদ ছয়দুৱাৰ: গহপুৰ কুইজ ফ'ৰামৰ উদ্যোগত গহপুৰ পৌৰ সভাৰ প্ৰেক্ষাগৃহত আজি দিনযোৰা কাৰ্য্যসূচীৰে প্ৰথমবাৰৰ বাবে সৰ্বাংগসুন্দৰভাবে অনুষ্ঠিত হোৱা G - Jam কুইজ প্ৰতিযোগিতালৈ ব্যাপক সঁহাৰি জনাই ছাত্র-ছাত্ৰী আৰু কুইজ প্ৰতিযোগীসকলে।গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ ২০ টা দলে অংশগ্ৰহণ কৰা উক্ত কুইজ প্ৰতিযোগিতাৰ মাজৰ পাৰদৰ্শিতাৰ ভিত্তিত ৬ টা দলে মূল ৰাউণ্ডৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে।

মূল ৰাউণ্ডত প্ৰৱেশ কৰা প্ৰতিটো দলক নগদ ধন, ট্ৰফী আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। উক্ত কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ক্ৰমে গীতাৰ্থ প্ৰতীম কাশ্যপ,প্ৰীতিস্নিগ্ধা ভূঞা আৰু দেৱাশ্ৰী হাজৰিকাই। দ্বিতীয় স্থান লাভ কৰে মৌচম ধাকাল,বিক্ৰম আদিত্য বৰদলৈ আৰু সৃষ্টি বৰাই। তৃতীয় স্থান অধিকাৰ কৰে ক্ৰমে অৰ্ণৱ শইকীয়া,মৃগাংক শইকীয়া আৰু পল্লৱ হাজৰিকাই।

তদুপৰি শ্ৰেষ্ঠ দৰ্শকৰ বঁটা লাভ কৰে নিষ্ঠা কমল ডেকা আৰু দেৱাশীষ তামুলীয়ে।উক্ত কুইজ প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰে (কুইজ মাষ্টাৰ)পাৰ্থ প্ৰতীম বৰা আৰু ৰেৱতী ফুকনে।

প্ৰতিযোগিতাখনৰ শেষত গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰাই বিজয়ী প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণ কৰে।কাৰ্য্যবাহী দণ্ডাধীশ নমিতা বৰাই উদ্বোধনী ভাষণ প্ৰদান কৰি কুইজ প্ৰতিযোগীতাৰ জৰিয়তে ছাত্র-ছাত্ৰীৰ কেনেদৰে জ্ঞান বৃদ্ধি হয় সেই বিষয়ে আলোকপাত কৰে।

গহপুৰত G-Jam কুইজ প্ৰতিযোগিতালৈ ছাত্র-ছাত্ৰীৰ ব্যাপক সঁহাৰি...
নাট্যকাৰ-লোক সংস্কৃতিৰ সাধক প্ৰকাশ চন্দ্ৰ ৰাভাক সাহিত্যিক বঁটা প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in