অভিযুক্তৰ ঠাইত নিৰ্যাতিতা হে চাকৰিৰ পৰা নিলম্বন হোৱাৰ উপক্ৰম দিল্লীত...

author-image
Asomiya Pratidin
New Update
অভিযুক্তৰ ঠাইত নিৰ্যাতিতা হে চাকৰিৰ পৰা নিলম্বন হোৱাৰ উপক্ৰম দিল্লীত...

ডিজিটেল ডেস্ক : আজৱ দেশৰ আজৱ কথা । এইবাৰ নতুন দিল্লীত অভিযুক্তৰ সলনি যৌন আতিশয্যত নিৰ্যাতিতা হে চাকৰিৰ পৰা নিলম্বন হোৱাৰ উপক্ৰম ঘটিছে । এই ঘটনা সংঘটিত হৈছে দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালৰ সৈতে ।

Advertisment

উল্লেখ্য যে, দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে এইমছ চিকিৎসালয়ৰ সন্মুখত এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে । এই অভিযোগ অনুসৰি, অধ্যক্ষ গৰাকীয়ে নিশা এইমছ চিকিৎসালয়ৰ সন্মুখত ৰৈ থকা অৱস্থাত এখন বেলেন' গাড়ী আহি উপস্থিত হৈছিল । গাড়ীখনৰ চালক যি পৰৱৰ্তী সময়ত হৰীষ চন্দ্ৰ বুলি চিনাক্ত কৰা হয়, ঘটনাৰ সময়ত নিচাসক্ত অৱস্থাত আছিল । প্ৰথমে অধ্যক্ষ গৰাকীক গাড়ীত বহিবলৈ আমন্ত্ৰণ জনোৱাৰ পাছত এই আমন্ত্ৰণ নাকচ কৰিছিল স্বাতীয়ে । তেনে বাক বিতণ্ডাৰ সময়তেই স্বাতীৰ এখন হাত আবদ্ধ হৈ পৰিছিল গাড়ী খনৰ খিৰিকীত । তেনেকৈয়ে প্ৰায় ১০-২০ মিটাৰ চোচৰাই নিছিল অধ্যক্ষ গৰাকীক ।

এই সন্দৰ্ভত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্তক ।

কিন্তু তাৰ পাছতেই সলনি হয় দৃশ্যপট । দিল্লী বিজেপিৰ মুখপাত্ৰ প্ৰৱীন শংকৰৰ ভাষ্য অনুসৰি, এই সমগ্ৰ ঘটনা পৰিকল্পিত । সমগ্ৰ দেশৰ সন্মুখত দিল্লী যে বৰ্তমানো নাৰীৰ বাবে অসুৰক্ষিত সেই কথা দেখুৱাবলৈ হে এনে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে । ইয়াৰ ওপৰিও অভিযুক্ত হৰীষ চন্দ্ৰ আম আদমি পাৰ্টীৰ সদস্য বুলিও মন্তব্য কৰে মুখপাত্ৰ গৰাকীয়ে । এতিয়া ঘটনাৰ তদন্ত সম্পূৰ্ণ নোহোৱালৈ অধ্যক্ষ গৰাকীক সাময়িকভাৱে নিলম্বিত কৰি ৰাখিবলৈ আহ্বান জনায় মুখপাত্ৰ গৰাকীয়ে । যাতে অধ্যক্ষ গৰাকীয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰেৰে তদন্ত কাৰ্যত দখল দিব নোৱাৰে ।

কিন্তু প্ৰশ্ন উত্থাপন হয় যে, দিল্লী আৰক্ষী, কেন্দ্ৰীয় চৰকাৰৰ অধীনত হোৱাৰ পাছতো আৰক্ষীৰ ওপৰত আস্থা নাই নেকি কেন্দ্ৰীয় শাসনাধিষ্ঠ দলটোৰ । নে ন্যায়পালিকাই নিৰপেক্ষ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব বুলি শংকা প্ৰকাশ কৰিছে দলটোৱে । তেনেহ'লে ইয়াৰ পূৰ্বে ন্যায়পালিকাই লোৱা সিদ্ধান্ত সমূহ কি কাৰোবাৰ প্ৰৰোচনাত পৰি লোৱা হৈছিল নেকি ? এনেধৰণৰ বিতৰ্কিত মন্তব্যৰে এতিয়া দিল্লী বিজেপিৰ মুখপাত্ৰ গৰাকী বিতৰ্কৰ আৱৰ্তত ।

আৰু পঢ়ক : ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিত দাস আৰু নাই

delhi crime