ৰাজধানী দিল্লীত ৫২ বছৰীয়া নৰপিশাচে ৯ বছৰীয়া শিশুক কৰিলে বলাৎকাৰঃ হত্যা কৰি পেলাই দিলে মৃতদেহ...

ৰাজধানী দিল্লীত ৫২ বছৰীয়া নৰপিশাচে ৯ বছৰীয়া শিশুক কৰিলে বলাৎকাৰঃ হত্যা কৰি পেলাই দিলে মৃতদেহ...

author-image
Asomiya Pratidin
New Update
ৰাজধানী দিল্লীত ৫২ বছৰীয়া নৰপিশাচে ৯ বছৰীয়া শিশুক কৰিলে বলাৎকাৰঃ হত্যা কৰি পেলাই দিলে মৃতদেহ...

ৰাজধানী দিল্লীত ৫২ বছৰীয়া নৰপিশাচে ৯ বছৰীয়া শিশুক কৰিলে বলাৎকাৰঃ হত্যা কৰি পেলাই দিলে মৃতদেহ...

ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীত পুনৰ এগৰাকী নাবালিকাক বলাৎকাৰ কৰি নৃশংস হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। এইবাৰ ঘটনাৰ স্থান দিল্লীৰ স্বৰূপ নগৰ।

Advertisment

জানিব পৰা মতে অঞ্চলটোৰ এগৰাকী ৯ বছৰীয়া শিশু যোৱা ১২ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আহিছিল। ইয়াৰ পাছতে অনুসন্ধান কৰাত এজন ৫২ বছৰীয়া ব্যক্তিৰ বাহনত ১২ ডিচেম্বৰৰ দিনটোতে দেখা গৈছিল ভুক্তভোগী নাবালিকাগৰাকীক।

ইয়াৰ পাছতে আৰক্ষীয়ে অভিযান চলাই এজন লোকক গ্ৰেপ্তাৰ কৰে। অভিযুক্তই আৰক্ষীৰ সন্মুখত নাবালিকাগৰাকীক অপহৰণ কৰি বলাৎকাৰ কৰাৰ লগতে হত্যা কৰা বুলিও স্বীকাৰ কৰিছে।

এই কনমাণি কিশোৰীগৰাকীৰ পিতৃ-মাতৃ এটা ফেক্টৰীৰ শ্ৰমিক হিচাপে কৰ্মৰত।

আৰক্ষীক আগবঢ়োৱা ভাষ্য অনুসৰি নাবালিকাগৰাকীৰ মৃতদেহ তেওঁ এটা খালত পেলাই দিছিল। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তৰ স্বীকাৰুক্তিৰ ভিত্তিত মৃতদেহৰ সন্ধানত অভিযান চলাই আছে যদিও এই পৰ্যন্ত সেই মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই।

ইফালে অপৰাধ স্বীকাৰ কৰা বলাৎকাৰী, হত্যাকাৰীৰ বিৰুদ্ধে আই পি চি আৰু পকচো আইনৰ ৩৬৪, ৩০২ আৰু ২০১ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

Also Read: চীনৰ ভূমিকম্পত নিহতৰ সংখ্যা ১১৮ জনলৈ বৃদ্ধিঃ তীব্ৰতৰ উদ্ধাৰ অভিযান...

দিল্লী অপৰাধ