প্ৰচণ্ড কুঁৱলীয়ে দিছে বাধাঃ পলম হৈছে ২৫ খনৰো অধিক ৰে'ল...

প্ৰচণ্ড কুঁৱলীয়ে দিছে বাধাঃ পলম হৈছে ২৫ খনৰো অধিক ৰে'ল...

author-image
Asomiya Pratidin
New Update
প্ৰচণ্ড কুঁৱলীয়ে দিছে বাধাঃ পলম হৈছে ২৫ খনৰো অধিক ৰে'ল...

প্ৰচণ্ড কুঁৱলীয়ে দিছে বাধাঃ পলম হৈছে ২৫ খনৰো অধিক ৰে'ল...

ডিজিটেল ডেস্কঃ প্ৰচণ্ড কুঁৱলীৰ বাবে পুনৰ আজি দিল্লীত বিলম্ব হৈছে ২৫ খনৰো অধিক ৰে'লৰ চলাচল। অত্যাধিক সময় পলম হোৱা ৰে'লসমূহৰ ভিতৰত আছে পুৰী-নতুন দিল্লী পুৰুষোত্তম এক্সপ্ৰেছ, হাওৰা-নতুন দিল্লী পূৰ্বা এক্সপ্ৰেছ, কানপুৰ-নতুন দিল্লী শ্ৰম শক্তি এক্সপ্ৰেছ, প্ৰয়াগৰাজ-নতুন দিল্লী হামচফৰ এক্সপ্ৰেছ আৰু বৈশালী-এছ এফ এক্সপ্ৰেছ।

Advertisment

উত্তৰ ৰে'লৱেৰ এজন জ্যেষ্ঠ বিষয়াই এই সন্দৰ্ভত কয়,বেছিভাগ ট্ৰেক খেতিপথাৰ, মুকলি এলেকাৰ হোৱাৰ বাবে নিশাৰ সময়ত ঘন কুঁৱলীত আৱৰি থাকে। তেওঁ কয়, ঠায়ে ঠায়ে দৃশ্যমানতা প্ৰায় শূন্য। সেয়েহে চালকসকলে সুৰক্ষাক অধিক অগ্ৰাধিকাৰ দিছে আৰু ৰে'লসমূহ পলম হৈছে।

উল্লেখ্য যে, বুধবাৰেও দিল্লীত বহু কেইখন ৰে'লৰ চলাচলত বিলম্ব হোৱাৰ লগতে ১১০ খন বিমান চলাচলতো বিলম্ব হৈছিল। ইয়াৰোপৰি এই সময়ছোৱাত বৃদ্ধি পাইছে যথেষ্ট প্ৰদূষণ। ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।

Also Read: নিশা বটদ্ৰৱাত বিধ্বংসী অগ্নিকাণ্ডঃ ১৩ খন দোকান ভস্মিভূত...

ভাৰতীয় ৰে'লৱে ঘন কুঁৱলী