/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/c2e701a8-b9ed-4c2b-90b4-ecd71e83692b/batradava_28.jpg)
নিশা বটদ্ৰৱাত বিধ্বংসী অগ্নিকাণ্ডঃ ১৩ খন দোকান ভস্মিভূত...
ডিজিটেল সংবাদ বটদ্ৰৱাঃ নিশা বটদ্ৰৱাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। বটদ্ৰৱাৰ আকাশীগংগাৰ তীৰত থকা ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হোৱা এই অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষতি হয়।
উল্লেখ্য যে, আকাশীগংগাৰ তীৰত থকা প্ৰায় ১৩ খন ব্যৱসায়ীক প্ৰতিষ্ঠানত নিশা জুইয়ে চানি ধৰে। ফলত মনিহাৰী সামগ্ৰী, ফটো, কিতাপ, পুতলা, কাপোৰ আদিৰ দোকানৰ লগতে হোটেলে ভস্মিভূত হয়।
পিছত অগ্নি নিৰ্বাপক বাহিনীয়ে এই জুই নুমুৱাবলৈ সক্ষম হয় যদিও প্ৰায় ৫০ লাখ টকাৰ সা-সামগ্ৰী ভস্মিভূত হয় বুলি জানিব পৰা গৈছে। অৱশ্যে এই অগ্নিকাণ্ডৰ সূত্ৰপাত কিদৰে হ'ল সেই বিষয়ে এতিয়াও জানিব পৰা নাই।
Also Read: বৰাগাঁৱত চাঞ্চল্যকৰ ঘটনাঃ ঘৰৰ ভিতৰতে উদ্ধাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ, সংকটজনক অৱস্থাত পিতৃ...