লামডিঙত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ; আটক দুই মিজো সৰবৰাকাৰী

লামডিঙত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ; আটক দুই মিজো সৰবৰাকাৰী

Published on

ডিজিটেল সংবাদ, লামডিংঃ ভাৰতীয় ৰে'লৰ জৰিয়তে সোণ, ড্ৰাগছ, বাৰ্মিজ চুপাৰী সৰবৰাহ কৰি থকাৰ সময়তে এইবাৰ ৰে'লত বন্য প্ৰাণী সৰবৰাহ। সোমবাৰে লামডিং ৰে'ল ষ্টেচনৰ ৰে'লৱে সুৰক্ষা বাহিনীৰ (RPF) আৰু আৰ পি এফৰ বিশেষ দল চি আই বি (CIB)ৰ জালত পৰে বন্য প্ৰাণীসহ দুই চোৰাং সৰবৰাহকাৰী। লামডিং ৰে'ল জংছনৰ ৰে'ল সুৰক্ষা বাহিনী (আৰ পি এফ) আৰু চি আই বি য়ে নিশা প্ৰায় ৮.৩০ বজাত বিৰল প্ৰজাতিৰ ৭৪টাকৈ কাছ উদ্ধাৰ কৰে।

নামনিমুৱা আগৰতলা শিয়ালদাহ কাঞ্চনজংঘা ৰে'লৰ সাধাৰণ শ্ৰেণী ডবাৰ পৰা ৰে'ল সুৰক্ষা বাহিনীয়ে কাছখিনি উদ্ধাৰ কৰে। ৰে'ল সুৰক্ষা বাহিনীৰ সূত্ৰে জানিব পৰা মতে শিলচৰৰ পৰা গুৱাহাটী অভিমুখে ৩টা বেগত কাছখিনি ভৰাই সৰবৰাহ কৰিব বিচৰা হৈছিল। ঘটনা সম্পৰ্কত ৰে'ল সুৰক্ষা বাহিনীয়ে আৰু চি আই বিয়ে মিজোৰামৰ দুজন মিজো যুৱকক আটক কৰিছে।

আটক কৰা মিজো যুৱক দুজনৰ নাম হৈছে লালছুৱানলিনা (Lalchhuanlina) আৰু লিয়ানচানপিয়া (Liansanspuia)। বাহিনীটোয়ে উদ্ধাৰ কৰা কাছখিনি বৰ্তমান লামডিঙৰ বন বিভাগক চমজাই দিয়া হৈছে। উল্লেখযোগ্য যে ৰে'লৰ জৰিয়তে বিভিন্ন নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ পিচত কাছ সৰবৰাহ হোৱা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লামডিঙত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ; আটক দুই মিজো সৰবৰাকাৰী
ঢকুৱাখনা বি.এড মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তীৰ প্ৰস্তুতি
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in