প্ৰেমিকৰ সৈতে পলাই যোৱাৰ বাবেই জীৱিত কন্য়াক মৃত ঘোষণা পিতৃ-মাতৃৰ...

এতিয়াও একাংশৰ মাজত জাতি-ভেদ আদিৰ মহত্ব অধিক। তাৰ বাবেই বহু সময়ত কিছুমানে কঠিন সিদ্ধান্ত লোৱাও দেখা যায়

author-image
Asomiya Pratidin
New Update
প্ৰেমিকৰ সৈতে পলাই যোৱাৰ বাবেই জীৱিত কন্য়াক মৃত ঘোষণা পিতৃ-মাতৃৰ...

ডিজিটেল ডেস্কঃ  সমাজ আধুনিকতাৰ পিনে গতি কৰিলেও এতিয়াও একাংশৰ মনবোৰ আধুনিক হোৱা নাই। এতিয়াও একাংশৰ মাজত জাতি-ভেদ আদিৰ মহত্ব অধিক। তাৰ বাবেই বহু সময়ত কিছুমানে কঠিন সিদ্ধান্ত লোৱাও দেখা যায়। এনে ধৰণৰ এক ঘটনা সংঘটিত হয় ৰাজস্থানত।

Advertisment

ৰাজস্থানৰ ভীলবাড়া জিলাৰ এগৰাকী যুৱতীয়ে একে জাতিৰ এজন যুৱকৰ সৈতে পলাই গৈছিল। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে আৰক্ষীৰ সহযোগত যুৱতী গৰাকীক বিচাৰি আনে। কিন্তু আৰক্ষী থানাত পৰিয়ালৰ কোনোলোকক চিনি নাপাই বুলি কয় যুৱতী গৰাকীয়ে আৰু নিজৰ প্ৰেমিকৰ সৈতে গুচি যায়।

নিজ কন্যাৰ এই কৰ্মক লৈ পৰিয়ালৰলোকে যথেষ্ঠ কষ্ট পাই আৰু যুৱতীগৰাকীৰ মৃত্য়ু হোৱা বুলি মানি লয়। কেৱল ইমানেই নহয়, যুৱতী গৰাকীৰ নামত শোক বাৰ্তা ছপা কৰে। য'ত লিখা থাকে যুৱতী গৰাকীৰ ১ জুনত মৃত্যু হয় আৰু ১৩ দিনৰ পাছত মৎস স্পৰ্শৰ আয়োজন কৰিছে। সেয়ে সকলোকে উক্ত অনুষ্ঠানত অংশ ল'বলৈ আহ্বান জনায়।

পৰিয়ালৰ এই কাণ্ড আৰু শোকবাৰ্ত এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।য'ত যুৱতী গৰাকীৰ ফটোও আছে আৰু জীৱিত অৱস্থাতে মৃত বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে,প্ৰিয়া নামৰ যুৱতী গৰাকীয়ে পৰিয়ালৰ বিৰুদ্ধ গৈ এজন যুৱকৰ সৈতে পলাই গৈছিল। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰিছিল আৰক্ষীৰ ওচৰত। যেতিয়া আৰক্ষীয়ে প্ৰিয়াক বিচাৰি পাইছিল তেতিয়া তেওঁ পিতৃ মাতৃক চিনি নাপাও বুলি কৈছিল।যাৰ বাবে পৰিয়ালৰ লোকে এনে নিকৃষ্ট কাণ্ড কৰে।

Also Read: আঢ়ৈ ঘন্টা ধৰি প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ লগত কি কথা পাতিলে শ্বাহে?

rajasthan