আজৱ দেশ ! ক'ভিডত মৃত বুলি ঘোষণা কৰা ব্যক্তি জীৱন্তে উভতিল দুবছৰ পাছত...

আজৱ দেশ ! ক'ভিডত মৃত বুলি ঘোষণা কৰা ব্যক্তি জীৱন্তে উভতিল দুবছৰ পাছত...

ডিজিটেল ডেস্ক : আজৱ দেশৰ আজৱ কাণ্ড । ক'ভিডত মৃত বুলি ঘোষণা কৰা ব্যক্তি দুবছৰ পাছত জীৱন্তে উভতিল ঘৰলৈ । এই ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশত । ভাৰতৰ ক'ভিডৰ প্ৰথমটো ঢৌৱে মৃত্যৰ সৈতেই লগত লৈ আহিছিল প্ৰচণ্ড ভয় আৰু অস্থিৰতা । এই অস্থিৰতা আৰু ভয়ে যেন সকলো খেলিমেলি কৰি দিলে সমগ্ৰ দেশত । জৰুৰীকালীন অৱস্থাত ল'বলগীয়া সাৱধানতা আৰু নিয়ম সমূহ পালনৰ ক্ষেত্ৰতো দেখা গ'ল চূড়ান্ত বেমেজালি ।

মধ্য প্ৰদেশৰ এজন ব্যক্তি যাক ক'ভিডৰ প্ৰথমটো ঢৌতে মৃত ঘোষণা কৰিছিল প্ৰশাসনে, আনকি পৰিয়ালৰ লোকে শেষকৃত্য সম্পন্ন কৰিবৰ বাবেও কোনো সুযোগ লাভ কৰা নাছিল । বৰং প্ৰশাসনেই সকলো ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালক জনাইছিল যে কমলেশ নামৰ মৃত ব্যক্তিগৰাকীৰ শেষকৃত্য সম্পন্ন হৈ গৈছে ।

কিন্তু সেই ঘটনাৰ প্ৰায় দুবছৰ পাছত কমলেশ নামৰ ব্যক্তি গৰাকী জীৱন্তে ঘৰলৈ ঘূৰি অহাৰ ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে । কমলেশৰ দাবী অনুসৰি, তেখেতক অত দিনে আহমেদাবাদৰ এটি অপৰাধীৰ দলৰ সৈতে ৰখা হৈছিল । কেৱল সেয়াই নহয় বৰং বিগত দুবছৰে এদিনৰ মূৰে মূৰে নিচাসক্ত দ্ৰৱ্য তেখেতৰ শৰীৰত বেজিৰ সহায়েৰে ভৰাই দিয়াও হৈছিল কোনো অজ্ঞাত কাৰণত ।

এতিয়া এই ব্যক্তি গৰাকীৰ জীৱন্তে উভতনিয়ে আন এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে দেশবাসীৰ মাজত । এনে ঘটনা আন ক'ৰ'বাতো সংঘটিত হৈছিল নেকি ক'ভিডৰ সময়ছোৱাত ? যে প্ৰকৃততে জীৱন্ত ব্যক্তিক মৃত ঘোষণা কৰি আন অপৰাধৰ বাবে ব্যৱহাৰ কৰা হৈছিল । অথবা তথ্যৰ চূড়ান্ত খেলি-মেলিত লুকুৱাই ৰখা হৈছিল নেকি প্ৰকৃততে ক'ভিডত মৃত লোকৰ পৰিসংখ্যা ?

আজৱ দেশ ! ক'ভিডত মৃত বুলি ঘোষণা কৰা ব্যক্তি জীৱন্তে উভতিল দুবছৰ পাছত...
চিৰাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাকৰিত ৰঙালী বিহু তথা ৰংজালী বৈশাগু উদযাপন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in