চিৰাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাকৰিত ৰঙালী বিহু তথা ৰংজালী বৈশাগু উদযাপন

চিৰাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাকৰিত ৰঙালী বিহু তথা ৰংজালী বৈশাগু উদযাপন

ডিজিটেল সংবাদ, চিৰাং : ৰঙালী বিহুৰ আনন্দত মতলীয়া ৰাজ্যবাসী । পথাৰ, মঞ্চ আনকি ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাকৰিতো ৰঙালী বিহুৰ আনন্দ । চিৰাং জিলাৰ চাপাগুৰী স্থিত ইউনিভাৰ্চেল ষ্টুডিঅ মল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৰঙালী বিহু উপলক্ষে কিছু ব্যতিক্ৰমী দৃশ্য পৰিলক্ষিত হয় ।

বিহু উপলক্ষে মলৰ কৰ্মচাৰী সকলে আজি জাতীয় সাজপাৰ পিন্ধি কৰ্তব্য পালন কৰা দেখা যায় । তদুপৰি মলৰ বাকৰিত বিহু, বৈশাগু নৃত্যৰ আয়োজন কৰে । যুৱ ব্যৱসায়ী অচিন্ত্য নাৰ্জাৰীৰ এই ইউনিভাৰ্চেল ষ্টুডিঅ মলৰ মহিলা কৰ্মচাৰী সকলে ৰংজালী বৈশাগুৰ নৃত্য পৰিৱেশন কৰে, স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে বিহু নৃত্য পৰিৱেশন কৰে ।

ছিফুং হাৰিমু আফাদ ৰংজালী বৈশাগুৰ নৃত্যই উপস্থিত উপস্থিত দৰ্শকসকলৰ মন মুহিবলৈ সক্ষম । মলত অহা ক্ৰেতা সকলেও কিছু সময়ৰ বাৱে বিহু, বৈশাগু নৃত্য উপভোগ কৰা দেখা যায় ।

চিৰাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাকৰিত ৰঙালী বিহু তথা ৰংজালী বৈশাগু উদযাপন
আৰক্ষীৰ সন্মুখতেই আততায়ীয়ে হত্যা কৰিলে কুখ্যাত গেংষ্টাৰ আতিক আহমেদক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in