উৰিষ্যাত মালবাহী ৰে'লৰ সৈতে মুখামুখি সংঘৰ্ষ কৰোমণ্ডেল এক্সপ্ৰেছৰ; লাইনচ্যুত ৪ ডবা...

উৰিষ্যাত মালবাহী ৰে'লৰ সৈতে মুখামুখি সংঘৰ্ষ কৰোমণ্ডেল এক্সপ্ৰেছৰ; লাইনচ্যুত ৪ ডবা...

ডিজিটেল ডেস্ক : শুকুৰবাৰে সন্ধিয়া উৰিষ্যাৰ বালাচোৰ জিলাত এখন যাত্ৰীবাহী ৰে'লৰ সৈতে এখন মালবাহী ৰে'লৰ মুখামুখি সংঘৰ্ষ হয়। উক্ত যাত্ৰীবাহী ৰে'লখন হৈছে কৰোমণ্ডেল এক্সপ্ৰেছ। দুৰ্ঘটনা ফলত বহু যাত্ৰী আৱদ্ধ হৈ পৰাৰ লগতে কেইবাজনো যাত্ৰী আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰখিছে। তদুপৰি উদ্ধাৰকাৰী দলে আহতসকলক ইতিমধ্যেই চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাৰ ফলত ৰে'লৰ চাৰিটা ডবা লাইনচ্যুত হয়। উল্লেখ্য ৰে'লখন কলকাতাৰ পৰা চেন্নাই অভিমুখী আছিল।

উৰিষ্যাত মালবাহী ৰে'লৰ সৈতে মুখামুখি সংঘৰ্ষ কৰোমণ্ডেল এক্সপ্ৰেছৰ; লাইনচ্যুত ৪ ডবা...
লোকসভা নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে কংগ্ৰেছে; মৰাণত বৈঠক...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in