উত্তপ্ত মণিপুৰঃ জিৰিবামত এজনৰ মৃতদেহ উদ্ধাৰ, জ্বলাই দিলে ঘৰ

উত্তপ্ত মণিপুৰঃ জিৰিবামত এজনৰ মৃতদেহ উদ্ধাৰ, জ্বলাই দিলে ঘৰ

ডিজিটেল সংবাদ, শিলচৰ: মণিপুৰৰ জিৰিবাম জিলাত বৃহস্পতিবাৰে এজন ৫৯ বছৰীয়া মণিপুৰী লোকৰ মৃতদেহ উদ্ধাৰ হয়। ফলত নিশা তামেংলঙ আৰু জিৰিবাম অঞ্চল উত্তপ্ত হৈ পৰে। চয়বাম শৰত কুমাৰ সিং নামৰ লোকজনৰ মৃতদেহত চোকা অস্ত্ৰৰ আঘাতৰ কেবাটাও চিন পোৱা বুলি জানিব পৰা গৈছে।‌ চয়বাম শৰৎ কুমাৰ সিঙক কুকি উগ্ৰপন্থীয়ে হত্যা কৰাৰ অভিযোগ কৰি একাংশ মণিপুৰী লোকে পৰিস্থিতি উত্তাল কৰি তোলে।‌

একাংশ ক্ষুদ্ধ লোকে‌ তামেলঙ‌ আৰু জিৰিবাম সীমান্তত কেবাটাও পৰিত্যক্ত ঘৰ জ্বলাই দিয়ে। লোকজনক হত্যাৰ বিৰোধিতাৰে একাংশই জিৰিবাম থানাও ঘেৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া হয়। ইফালে,পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শেষত বাধ্য হৈ ১৪৪ জাৰি কৰে তামেংলঙ জিলা প্ৰশাসনে।‌

জানিব পৰা মতে,চয়বাম শৰৎ কুমাৰ সিং নামৰ লোকজন নিজ ফাৰ্মৰ পৰা উভতি অহাৰ সময়তে নিৰুদ্দেশ হৈছিল।‌ ইয়াৰ পিচতে বৃহস্পতিবাৰে তামেংলঙ- জিৰিবাম সীমান্তত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ পিচতে একাংশ ক্ষুদ্ধ লোকে নিশা এক প্ৰতিবাদী সমদল কৰি জিৰিবাম থানালৈ গৈ থানা ঘেৰাও কৰে আৰু শ্লোগান দিয়ে। লোকসভা নিৰ্বাচনৰ পূৰ্বে জিৰিবাম থানাত জমা দিয়া অনুজ্ঞাপত্ৰ থকা বন্দুক সমূহ উভতাই দিবলৈ আৰক্ষীক দাবী জনায় প্ৰতিবাদকাৰী সকলে।

উল্লেখ্য যে কিছুদিন পূৰ্বে জিৰিবামত এজন কুকি লোকক নিৰ্মম ভাবে হত্যা কৰা হৈছিল। পুনৰ বৃহস্পতিবাৰে চয়বাম শৰত কুমাৰ সিং নামৰ মণিপুৰী লোকজনৰ মৃতদেহ ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হয় । ২০২৩ ত মণিপুৰত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়তো মেইটেই, মুছলমান, নগা, কুকি আৰু অমণিপুৰী সকলৰ মিলন‌ভূমি জিৰিবামত এতিয়ালৈকে কোনো প্ৰভাব পৰা নাছিল।

সাম্প্ৰদায়িক সংঘৰ্ষত মণিপুৰত উপত্যকা প্ৰধান মেইটেই সম্প্ৰদায় আৰু পাহাৰ প্ৰধান কুকিসকলৰ মাজত হোৱা জাতিগত সংঘাতৰ ফলত ২২০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছিল। কিন্তু বৃহস্পতিবাৰৰ ঘটনাৰ পিচত ক্ৰমাৎ শান্ত হোৱা মণিপুৰ পুনৰ অশান্ত হোৱাৰ‌ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

উত্তপ্ত মণিপুৰঃ জিৰিবামত এজনৰ মৃতদেহ উদ্ধাৰ, জ্বলাই দিলে ঘৰ
কোটিপতি সাংসদৰে ভৰিল এইবাৰৰ লোকসভাঃ ৫২৩ৰ ভিতৰত ৫০৪গৰাকীয়েই কোটিপতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in