কোটিপতি সাংসদৰে ভৰিল এইবাৰৰ লোকসভাঃ ৫২৩ৰ ভিতৰত ৫০৪গৰাকীয়েই কোটিপতি...

কোটিপতি সাংসদৰে ভৰিল এইবাৰৰ লোকসভাঃ ৫২৩ৰ ভিতৰত ৫০৪গৰাকীয়েই কোটিপতি...

ডিজিটেল ডেস্কঃ ২০২৪ৰ নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়াৰ অন্ত পৰিল। ফলাফল ঘোষণাৰ পাছতে এতিয়া তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰে শপত লবলৈহে বাকী। এক তথ্যত প্ৰকাশ পাইছে যে, ২০১৯তকৈ এইবাৰ কোটিপতি সাংসদৰ সংখ্যা বৃদ্ধি পালে। ২০১৪চনত কোটিপতি সাংসদ আছিল ৮২শতাংশ, ২০১৯চনত আছিল ৮৮শতাংশ আৰু এইবাৰ এই কোটিপতি সাংসদ হলগৈ ৯৩শতাংশ।

এইবাৰ ৫৪৩গৰাকী সাংসদৰ ভিতৰত শীৰ্ষত ৩গৰাকী সাংসদ এন ডি এৰ। ধনী সাংসদৰ তালিকাত প্ৰথম স্থানত আছে অন্ধ্ৰৰ গুন্টুৰ সমষ্টিৰ পৰা জিকা টি ডি পিৰ চন্দ্ৰশেখৰ প্ৰেম্মাছানী। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৫,৭০৫ কোটি টকা। এই তালিকাৰ দ্বিতীয় স্থানত আছে তেলেংগানাৰ ছেবেল্লা সমষ্টিৰ বিজেপি সাংসদ কোণ্ডা বিশ্বেশ্বৰ ৰেড্ডী। তেওঁৰ আছে ৪,৫৬৮কোটি টকাৰ সম্পত্তি। 

ইয়াৰ পিছতে তৃতীয় স্থানত থকা ধনী সাংসদ গৰাকী হৈছে বিজেপিৰ  হাৰিয়ানাৰ কুৰুক্ষেত্ৰ সমষ্টিৰ সাংসদ নবীন জিন্দাল। জিন্দালৰ মুঠ সম্পত্তি ১,২৪১কোটি টকা। উল্লেখ কৰা প্ৰয়োজন যে, ৫৪৩গৰাকী সাংসদৰ ভিতৰত এইবাৰ ৫০৪জনেই কোটিপতি।

ইফালে তথ্যত প্ৰকাশ পাইছে যে,২০০৯ৰ পৰা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কোটিপতি সাংসদৰ সংখ্যা। ২০০৯চনত কোটিপতি সাংসদৰ সংখ্যা আছিল ৫৮শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in