
ডিজিটেল ডেস্কঃ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীলৈ হত্যাৰ ভাবুকি। ২০০ কোটি টকা দাবী কৰি দুৰ্বৃত্তই হত্যাৰ ভাবুকি প্ৰদান কৰে উদ্যোগপতিগৰাকীক। মেইলৰ জৰিয়তে কোনোৱে কয় যে, যদিহে ২০০ কোটি টকা নিদিয়ে তেন্তে গুলীয়াই হত্যা কৰিব আম্বানীক। শনিবাৰে আৰক্ষীয়ে জনাই এই কথা।
আৰক্ষীয়ে কয় যে, প্ৰথমে মেইলৰ জৰিয়তে ২০ কোটি টকা দাবী কৰিছিল। কিন্তু মেইলৰ কোনো প্ৰত্যুত্তৰ নিদিয়া বাবে টকাৰ পৰিমাণ বৃদ্ধি কৰি ২০০ কোটি দাবী কৰি পুনৰ মেইল কৰে।
মেইলটোত লিখিছে যে, আপুনি আমাৰ মেইলৰ উত্তৰ দিয়া নাই। এতিয়া টকাৰ পৰিমাণ ২০০ কোটি। টকা নিদিলে আপোনাক গুলীয়াই হত্যা কৰিম। ইয়াৰ পূৰ্বে শুকুৰবাৰে আম্বানীক ২০ কোটি টকা দাবী কৰিছিল।
ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কোনো এই মেইল প্ৰেৰণ কৰিছে এতিয়ালৈকে জানিব পৰা হোৱা নাই।