সোৱণশিৰি মৰি যোৱাটো নিবিচাৰো,এই প্ৰকল্প বন্ধ কৰি দিব লাগে: যুৱ ছাত্ৰ পৰিষদ

সোৱণশিৰি মৰি যোৱাটো নিবিচাৰো,এই প্ৰকল্প বন্ধ কৰি দিব লাগে: যুৱ ছাত্ৰ পৰিষদ

ডিজিটেল সংবাদ, গোলাঘাট: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। বৰ্তমান লক্ষীমপুৰ আৰু ধেমাজিত প্ৰতিবাদ চলি আছে। এই প্ৰতিবাদ ধাৰাবাহিক হ'ব - শনিবাৰে গোলাঘাটত এনেদৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে বিষোদ্গাৰ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে।

পৰিষদৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ আৰু কয় যে আমি কোনো কাৰণতে নৈ পৰীয়া সভ্যতা সংস্কৃতিক ধ্বংস হবলৈ দিব নোৱাৰো। চৰকাৰ অথবা NSPC ৰ আভুৱা ভৰা কথা আমি মানি নলও। বিশেষজ্ঞ সকলে কৈছিল যে বাৰিষা সোৱণশিৰি নদীয়েদি প্ৰচুৰ পৰিমাণে পানী আহিব সেই পানীয়ে প্ৰকল্পটোৰ দাতিকাষৰীয়া অঞ্চলৰ লগতে কাজিৰঙা পৰ্যন্ত প্লাৱিত কৰিব আৰু মানুহৰ ক্ষতি সাধন কৰিব।

বিশেষজ্ঞ সকলে আৰু কৈছিল যে খৰালী নদীখনৰ পানী শুকাই যাব। আজি সেয়ে হৈছে বুলি উল্লেখ কৰি সভাপতি গৰাকীয়ে কয় যে এনেদৰে থাকিলে সমগ্ৰ অঞ্চলটোৱেই মৰুভূমিত পৰিণত হ'ব। এই জলবিদ্যুৎ প্ৰকল্পটোৰ সমৰ্পকত আমি বিগত সময়চোৱাত বহু মতামত আগবঢ়াই আহিছিলো, বহু আশংকাও প্ৰকাশ কৰিছিলো। এতিয়া সেইবোৰ সঁচা প্ৰমাণিত হৈছে। নদীখনৰ পানী শুকাই মাছ,কাছ মৰি মৰুভূমিত পৰিণত হোৱাৰ উপক্ৰম ঘটিছে।

কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰ আৰু NSPC এ কাৰো কথা নুশুনে ,তেওঁলোকে বৃহৎ পুঁজিপতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে কাম কৰি গৈছে বুলি উল্লেখ কৰে তেওঁ। লগতে কয় - বৃহৎ নদীবান্ধৰ বিৰুদ্ধে আমি ধৰাবাহিক ভাৱে আমাৰ সংগ্ৰাম চলাই আছো আৰু চলাই যাম।

সোৱণশিৰি আমি মৰি যোৱাটো নিবিচাৰো,এই প্ৰকল্প বন্ধ কৰি দিব লাগে , নদীখনক বাধা দিয়া ক্ৰংক্ৰিট বোৰ ভাঙি দিব লাগে আৰু আগৰ দৰে স্বাভাৱিক গতিৰে নদীখনক বৈ আহিবলৈ দিব লাগে।

সোৱণশিৰি মৰি যোৱাটো নিবিচাৰো,এই প্ৰকল্প বন্ধ কৰি দিব লাগে: যুৱ ছাত্ৰ পৰিষদ
অৱশেষত চিনাক্ত পুৱা গুৱাহাটীত উদ্ধাৰ হোৱা মৃতদেহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in