
ডিজিটেল ডেস্কঃ কাৰাগাৰত থকা ধৰ্মীয় নেতা মুৰলী মনোহৰ মিশ্ৰ ওৰফে স্বামী শ্ৰদ্ধানন্দে 'আমাজন প্ৰাইম'ৰ নতুন অপৰাধমূলক তথ্যচিত্ৰ 'ডান্সিং অন দ্য গ্ৰেভ'ৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।
শ্ৰদ্ধানন্দে নিজ পত্নী ছাকিৰা খলীলীৰ হত্যাৰ বাবে ১৯৯৪ চনৰ পৰাই কাৰাগাৰত আছে। বৰ্তমানৰ ৮০ বছৰীয়া বৃদ্ধ গৰাকীক আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। সেই শ্ৰদ্ধানন্দইয়ে ৱেৱ চিৰিজখন বন্ধ কৰাৰ দাবী তুলি উচ্চতম ন্য়ায়ালয়ত আবেদন দাখিল কৰিছে।
শ্ৰদ্ধানন্দে দাখিল কৰা আৱেদনত অভিযোগ কৰা হৈছে যে শ্ৰদ্ধানন্দৰ বিৰুদ্ধে কুসংস্কাৰৰ অধীনত ৱেব চিৰিজত তথ্য প্ৰদৰ্শন কৰা হৈছে। উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে আশ্বাস দিয়ে যে বিষয়টোৰ শুনানি বুধবাৰে ন্যায়াধীশ যোচেফ আৰু বিভি ৰত্নৰ বিচাৰপীঠে কৰিব।
২০২২ চনৰ নৱেম্বৰত ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী নলিনী শ্ৰীহৰণৰ মুক্তিৰ পিছত অভিযুক্ত বাবা শ্ৰদ্ধানন্দে উচ্চতম ন্যায়ালয়ক তেওঁকো মুক্তি দিবলৈ অনুৰোধ জনাইছে।
উল্লেখ্য যে, শ্ৰদ্ধানন্দই তেওঁৰ পত্নীক নিচাযুক্ত দ্ৰব্য দি জীৱন্তে কবৰ দিছিল।ঘটনাটো সংঘটিত হৈছিল ১৯৯১ চনৰ ২৮ এপ্ৰিলত। শ্ৰদ্ধানন্দে তেওঁৰ পত্নীক বাংগালুৰুত তেওঁৰ বাংলোৰ চৌহদত জীৱিত অৱস্থাত সমাধিস্থ কৰিছিল।
ছাকিৰাই পূৰ্বৰ স্বামীৰ লগত বিবাহ বিচ্ছেদ কৰিছিল আৰু শ্ৰদ্ধানন্দৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। ছাকিৰাৰ পূৰ্বৰ স্বামীৰ ৩ গৰাকী জীয়ৰীও আছিল। বিয়াৰ ৫ বছৰৰ পাছত এদিন ছাকিৰা নিৰুদ্দেশ হৈছিল। তেতিয়াই চিন্তিত হৈ পৰিছিল কন্য়া। প্ৰায় ৩ বছৰ পাছত ছাকিৰাৰ মৃত্যু ৰহস্য ফাদিল হৈছিল।
ছাকিৰাৰ স্বামীয়ে সম্পত্তিৰ বাবে বিয়া কৰাইছিল কিন্তু সেই সম্পত্তি ছাকিৰাই তেওঁৰ জীয়ৰীৰ মাজত ভগাই দিয়াৰ কথা কৈছিল। যাৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰিছিল শ্ৰদ্ধানন্দে। প্ৰথমে নিচাযুক্ত দ্ৰব্য খুৱাই ছাকিৰাক জীৱন্ত কবৰ দিছিল আৰু তাৰ ওপৰত টাইলছ লগাই দিছিল।
সেই টাইলছৰ ওপৰতে শ্ৰদ্ধানন্দে পাৰ্টীও কৰিছিল। বন্ধু -বান্ধৱৰ ওপৰত লগ লাগি নৃত্যও কৰিছিল। সেই হত্যাকাণ্ডৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্মাণ হৈছে 'ডান্সিং অন দ্য গ্ৰেভ' তথ্যচিত্ৰ।