প্ৰথিতযশা অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

প্ৰথিতযশা অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

author-image
Asomiya Pratidin
New Update
প্ৰথিতযশা অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

ডিজিটেল ডেস্কঃ ভাৰতীয় চলচ্চিত্ৰ জগতলৈ অৱদান আগবঢ়োৱা ৱাহিদা ৰেহমানলৈ এই বৰ্ষৰ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিলে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে।

উল্লেখ্য যে, ৱাহিদা ৰেহমানে হিন্দী চলচ্চিত্ৰ জগতত বিভিন্ন চৰিত্ৰৰে সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈ আহিছে। কাগজ কে ফুল, চাহেব বিবি অৰ গোলাম, খামৌচী, গাইড আদি ছবিৰ দ্বাৰা প্ৰশংসা লাভ কৰা ৱাহিদা ৰেহমান ৫ দশকতকৈও অধিক সময় বোলছবি জগতৰ সৈতে জড়িত হৈ আছিল। ইতিমধ্যেই পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটাৰে সন্মানিত ৱাহিদা ৰেহমান ভাৰতীয় নাৰীৰ নিষ্ঠা, প্ৰতিশ্ৰুতি সম্পন্ন আৰু শক্তিৰ উদাহৰণ বুলি উল্লেখ কৰি মন্ত্ৰী অনুৰাগ ঠাকুৰে সামাজিক মাধ্যমত তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

তদুপৰি নাৰী শক্তি বন্দন অধিনিয়ম সংসদত গৃহীত হোৱাৰ সময়তে এই সন্মান এগৰাকী নাৰীক আগবঢ়াবলৈ পাই গৌৰাম্বিত বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। চলচ্চিত্ৰৰ পিছৰ জীৱন পৰোপকাৰ আৰু সমাজৰ কল্যাণৰ বাবে উৎসৰ্গিত কৰা ভাৰতীয় চলচ্চিত্ৰৰ এইগৰাকী আগশাৰীৰ মহিলাক এই সন্মান দিয়াৰ বাবে এতিয়া উৎফুল্লিত ভাৰতীয় সাংস্কৃতিক জগত।

Also Read: নেফিটৰ চতুৰ্থ এছিয়ান কেৰা ৰেলীঃ ভূটান, নেপাল, বাংলাদেশক সামৰি BIBN FRIENDSHIP CAR RALLY-2023

Dadasaheb Phalke Lifetime Achievement Award bollywood actress