মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ প্ৰথমটো গোচৰৰ মাচুল কিমান আছিল? নিজেই ক'লে শুনানিৰ সময়ত...

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ প্ৰথমটো গোচৰৰ মাচুল কিমান আছিল? নিজেই ক'লে শুনানিৰ সময়ত...
Published on
Updated on

ডিজিটেল ডেস্কঃ ডি ৱাই চন্দ্ৰচূড়। দেশৰ উচ্চতম ন্যায়ালয়ৰ এইগৰাকী মুখ্য ন্যায়াধীশ বিভিন্ন সময়ত চৰ্চাৰ শীৰ্ষত থাকে। অতি সংবেদনশীল এইগৰাকী আইনজ্ঞ বহুতৰ বাবেই আদৰ্শ হৈ পৰিছে। যোৱা সময়ছোৱাত উচ্চতম ন্যায়ালয়ত বিচাৰাধীন বহু পাই প্ৰফাইল গোচৰত তেওঁ দিয়া ৰায়ে কেৱল দেশবাসীক আশ্বস্ত কৰাই নহয় ন্যায়িক ব্যৱস্থাৰ প্ৰতি বিশ্বাস হেৰুওৱা একাংশ লোকৰো বিশ্বাস ঘূৰাই আনিবলৈ সক্ষম হৈছে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ জন্ম হৈছিল ১৯৫৯ চনৰ ১১ নৱেম্বৰত। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু ব'ম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ হিচাপে অভিজ্ঞতাৰে পুষ্ট ডি ৱাই চন্দ্রচূড়ক ২০১৬ চনৰ ১৩ মে'ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল।

নতুন দিল্লীৰ ছেইন্ট ষ্টিফেনছ কলেজৰ পৰা অৰ্থনীতি আৰু গণিতত সন্মানসহ স্নাতক ডিগ্রীধাৰি চন্দ্ৰচূড়ে পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ ফেকালিছ অৱ ল'ৰ পৰা আইনৰ স্নাতক ডিগ্রী সম্পূৰ্ণ কৰে। ইয়াৰ পাছত তেওঁ হাভার্ড ল' স্কুলৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ একেখন বিশ্ববিদ্যালয়ৰ পৰাই আকৌ জুৰিডিকেল ছায়েঞ্চত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছিল।

ব'ম্বে উচ্চ ন্যায়ালয়ৰ উপৰিও হায়দৰাবাদ উচ্চ ন্যায়ালয় আদিৰ উপৰিও উচ্চতম ন্যায়ালয়ৰ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে দায়িত্ব পালনৰ পাছতে তেওঁৰ কান্ধতে পৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ গুৰু দায়িত্ব। আইন ৰক্ষাৰ ক্ষেত্ৰত কোনোধৰণৰ 'কম্প্ৰমাইজ' নকৰা আইনজ্ঞ হিচাপে পৰিচিত চন্দ্ৰচূড়ে অৱশ্যে ঘৰতেই পাইছিল সেই শিক্ষা।

তেওঁৰ পিতৃ ৱাই ভি চন্দ্ৰচূড়ো আছিল দেশৰ উচ্চতম ন্যায়ালয়ৰ দীঘলীয়া সময়ৰ মুখ্য ন্যায়াধীশ। পিতৃৰ পদাংক অনুসৰণ কৰিয়েই আইনজ্ঞ হিচাপে নিজেও প্ৰতিষ্ঠা লাভ কৰা ডি ৱাই চন্দ্ৰচূড় ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ।

শেহতীয়াকৈ এইগৰাকী প্ৰসিদ্ধ আইনজ্ঞই এক গোচৰৰ শুনানিৰ সময়ত তেওঁৰ পাৰম্ভিক ওকালতি জীৱন সোঁৱৰি কৰা কেতবোৰ মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। তেওঁ ওকালতি জীৱন আৰম্ভ কৰাৰ পাছত প্ৰথম মাচুল হিচাপে লাভ কৰিছিল ৬০ টকা।

তেওঁ উল্লেখ কৰা মতে ন্যায়াধীশ সুজাতা মনোহৰৰ তত্বৱধানত তেওঁ প্ৰথম গোচৰটো যুঁজিছিল। এই প্ৰথম গোচৰটোৰ বাবে তেওঁ লাভ কৰিছিল ৬০ টকা। এয়াই আছিল ওকালতি জীৱনৰ প্ৰথম উপাৰ্জন।

সেই সময়ত উকীলসকলে আদালতত গোচৰ লৰিবলৈ 'ক্লাইণ্ট'ৰ পৰা বৰ বেছি টকা নলৈছিল। টকাৰ পৰিৱৰ্তে উকীলসকলক ন্যায়ালয়ত যুঁজ দিবলৈ সোণৰ মোহৰহে হাতত তুলি দিছিল। এই সোণৰ মোহৰৰ মূল্য আছিল সেই সময়ত ১৫ টকা।

উকীলসকলে 'কেছ ব্ৰিফিং ফাইল'ৰ সৈতে এটা সেউজীয়া খাম পাইছিল। যাৰ ওপৰত জিএম (গোল্ড চিল) লিখা হৈছিল। উকিলসকলে এই সেউজীয়া খামটোত তেওঁলোকে এটা গোচৰৰ বিপৰীতে কিমান মোহৰ বিচাৰিছিল সেয়া লিখি ৰাখিছিল। উল্লেখযোগ্য যে ব'ম্বে উচ্চ ন্যায়ালয়ত ৯০ দশকলৈকে এনে মোহৰ প্ৰচলিত আছিল।

প্ৰাণিধানযোগ্য যে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে বৰ্তমান দৰমহা হিচাপে প্ৰতি মাহে ২,৮০,০০০ লাখ টকা লাভ কৰে। ইয়াৰ উপৰিও, ৪৫হাজাৰ টকাৰ ভাট্টা, আৱাসগৃহ, ব্যক্তিগত সহায়ক, আৱাসগৃহৰ তদাৰক, ব্যক্তিগত আৰু আৱাসগৃহৰ সুৰক্ষা কৰ্মীকে ধৰি অন্যান্য কেতবোৰ সুবিধা লাভ কৰে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ প্ৰথমটো গোচৰৰ মাচুল কিমান আছিল? নিজেই ক'লে শুনানিৰ সময়ত...
তিহাৰ জে'লতে কেজৰিৱালক গ্ৰেপ্তাৰ CBIৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in