দক্ষিণ ভাৰতত 'মিচাউঙ'ৰ তাণ্ডৱ : বৰ্তমানলৈ নিহত ৩জন

দক্ষিণ ভাৰতত 'মিচাউঙ'ৰ তাণ্ডৱ : বৰ্তমানলৈ নিহত ৩জন

ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই উপকূলীয় জিলাসমূহত প্ৰায় ৫ হাজাৰ সাহায্য কেন্দ্ৰ স্থাপন কৰিছে।

ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতত প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ। ঘূৰ্ণীবতাহ মিচাউঙে তামিলনাডু আৰু পুডুচেৰীত প্ৰচণ্ড বৰষুণৰ সৃষ্টি কৰিছে। উত্তৰ উপকূলীয় তামিলনাডুত চেন্নাই, চেংগালপট্টু, কাঞ্চীপুৰম, নাগাপট্টিনাম, আৰু কুড্ডালোৰ জিলাক সামৰি প্ৰচণ্ড বৰষুণৰ ফলত তিৰুভাল্লুৰ জিলাৰ বহু অংশ প্লাৱিত হৈ পৰিছে।

চেন্নাই আৰক্ষীয়ে জনোৱা মতে, ঘূৰ্ণীবতাহ মিচাউঙৰ ফলত এইপৰ্যন্ত ৩জন লোকৰ মৃত্যু হৈছে। চেন্নাই মহানগৰীৰ অধিকাংশ অঞ্চল বৰ্তমানেও তীব্ৰ বৃষ্টিপাতৰ ফলত হোৱা বানপানীত ডুব গৈ আছে। উল্লেখ্য যে, মঙলবাৰে দুপৰীয়া নেল্লোৰ আৰু মাচিলিপাটনাম অঞ্চলত ঘূৰ্ণীবতাহ মিচাউং প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, চেন্নাই চহৰ আৰু ইয়াৰ চুবুৰীয়া জিলাসমূহত দেওবাৰে নিশা প্ৰচণ্ড বৰষুণ হোৱাৰ বিপৰীতে সোমবাৰে পুৱা ৫:৩০ বজাৰ আগৰ ২৪ ঘণ্টাত মীনাম্বকমত ১৯৬ মিলিমিটাৰ আৰু নুংগম্বকমত ১৫৪.৩ মিলিমিটাৰ বৰষুণ হয়।

যাৰ ফলত চেন্নাইৰ লগতে ইয়াৰ কাষৰীয়া তিনিখন জিলাৰ বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয়সমূহ বন্ধ হৈ আছে আৰু ৰাজ্য চৰকাৰে ব্যক্তিগত কোম্পানীসমূহক তেওঁলোকৰ কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ অনুমতি দিবলৈ আহ্বান জনাইছে। তামিলনাডু চৰকাৰেও মঙলবাৰে ৪খন জিলাত চৰকাৰী বন্ধ ঘোষণা কৰিছে।

দেওবাৰে নিশাৰ ভিতৰতে চহৰখন আৰু ইয়াৰ চুবুৰীয়া জিলাসমূহত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই উপকূলীয় জিলাসমূহত প্ৰায় ৫ হাজাৰ সাহায্য কেন্দ্ৰ স্থাপন কৰিছে।

ধাৰাসাৰ বৰষুণৰ বাবে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বেচিন দলং আৰু ব্যাসৰপদীৰ মাজৰ ১৪ নং দলংখন সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। এই দলংখন বন্ধ কৰি দিয়াৰ ফলত ড০ এম জি আৰ চেন্নাই চেণ্ট্ৰেল ৰে’ল ষ্টেচনৰ পৰা কইম্বাটুৰ আৰু মহীচুৰুলৈ যোৱা ৰে’লকে ধৰি ৬খন ৰে’ল বাতিল কৰা হৈছে। ৰে’ল বাতিলৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলো যাত্ৰীয়ে সম্পূৰ্ণ ধন ঘূৰাই পাব বুলি ঘোষণা কৰিছে দক্ষিণ ৰে’লৱে।

ইয়াৰ উপৰিও বিভিন্ন ঠাইত পানী জমা হোৱাৰ বাবে ১৪খন ছাবমেট্ৰ’ বন্ধ কৰি দিয়া হৈছে। আনহাতে, ১২খন ঘৰুৱা আউটবাউণ্ড বিমান আৰু ৪খন আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰা হয়। উল্লেখ্য যে, প্ৰতিকূল বতৰৰ বাবে ৩খন আন্তঃৰাষ্ট্ৰীয় বিমান বেংগালুৰুলৈ ডাইভাৰ্ট কৰা হয়। আনহাতে মঙলবাৰে পুৱালৈকে বন্ধ থাকিব চেন্নাই বিমানবন্দৰৰ ৰাণৱে।

তদুপৰি সাহায্য আৰু উদ্ধাৰ প্ৰচেষ্টাত সহায়ক হোৱাকৈ সংশ্লিষ্ট কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত জিলা ভিল্লুপুৰম, ময়লাদুথুৰাই, নাগাপট্টিনাম, তিৰুভাল্লুৰ, কুড্ডালোৰ, আৰু চেংগালপট্টুত এনডিআৰএফৰ ৮টা আৰু ৯টা এছডিআৰএফ দল প্ৰেৰণ কৰিছে। ইপিনে চেন্নাইৰ বাহিৰৰ চেম্বাৰম্বকম জলাশয়ৰ পৰা নিম্নগামী অঞ্চলত বানপানীৰ আশংকা কমোৱাৰ বাবে পানীৰ নিৰ্গমন ১৫০০ কিউচেকলৈ হ্ৰাস কৰা হৈছে।

দক্ষিণ ভাৰতত 'মিচাউঙ'ৰ তাণ্ডৱ : বৰ্তমানলৈ নিহত ৩জন
ৰাজ্যৰ ১১ গৰাকী এ চি এছ বিষয়াক আই এ এছ বিষয়ালৈ পদোন্নতি...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in