/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/fa745190-8d64-4913-8fa8-52e675273094/AP_FOR_WEB_biporjoy.jpg)
'বিপৰ্যয়'ৰ পৰা গুজৰাটক ৰক্ষা কৰিবলৈ যুদ্ধসদৃশ তৎপৰতাঃ ৭৪ হাজাৰৰো অধিক লোকক স্থানান্তৰ...
ডিজিটেল ডেস্কঃ সামুদ্ৰিক ঘূৰ্ণীবতাহ 'বিপৰ্যয়'ৰ সন্ত্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ গুজৰাটত যুদ্ধ সদৃশ তৎপৰতা। উপকূলীয় অঞ্চলত অব্যাহত আছে স্থানান্তৰিতকৰণৰ প্ৰক্ৰিয়া।
উল্লেখ্য যে, বতৰ বিজ্ঞান কেন্দ্ৰই পূৰ্বে জাৰি কৰা এলাৰ্ট অনুসৰিয়েই বিপৰ্যয়ৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ গুজৰাট প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। ৰাজ্যখনৰ পশ্চিমাংশ ইতিমধ্যে খালী কৰিছে।
যিসমূহ অঞ্চল ৰৈ গৈছে সেই অঞ্চলত যুদ্ধ সদৃশ তৎপৰতাৰে স্থানান্তৰিতকৰণ প্ৰক্ৰিয়া অব্যাহত আছে। এই পৰ্যন্ত প্ৰায় ৭৪ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে।
পুৱতি নিশা ২-৩০ বজাত এই বিপৰ্যয়ে গুজৰাটৰ জাখৌ বন্দৰৰ পৰা প্ৰায় ২০০ কিলিমিটাৰ দূৰত অৱস্থান কৰিছেহি। আজি বিয়লি ভাগত এই সাগৰীয় ঘূৰ্ণীবতাহজাক আহি গুজৰাটৰ উপকূলীয় অঞ্চলত প্ৰৱেশ কৰিবহি।
এই ঘূৰ্ণীবতাহৰ প্ৰভাৱত ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই ঘূৰ্ণী বতাহৰ প্ৰভাৱ গুজৰাটৰ উপৰিও কেৰালা, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গোৱা, দমন আৰু দিউ, লক্ষ্যদ্বীপ, দাদৰ আৰু নাগাৰ হাভেলী আদিতো পৰিব বুলি উল্লেখ কৰি এই ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সতৰ্কতা জাৰি কৰিছে।
বিপৰ্যয়ৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান চলাবলৈ ভাৰতীয় নৌ সেনাও সম্পূৰ্ণৰূপে সাজু হৈছে। তেওঁলোকে সাজু কৰি ৰাখিছে কেইবাখনো জাহাজ, সাহায্য গোট। গোৱা আৰু মুম্বাইৰ পৰাও কেইবাখনো হেলিকপ্টাৰ গুজৰাটলৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, ঘণ্টাত প্ৰায় ১২৫ ৰ পৰা ১৩৫ কিলোমিটাৰ বেগেৰে অহা এই বিপৰ্যয়ে সময়ত ১৪৫ কিলোমিটাৰ পৰ্যন্ত গতিবেগ ল’ব।
Also Read: 'নাট্যযোদ্ধা' নেত্ৰকমল বৰঠাকুৰ আৰু নাই...