'নাট্যযোদ্ধা' নেত্ৰকমল বৰঠাকুৰ আৰু নাই...

'নাট্যযোদ্ধা' নেত্ৰকমল বৰঠাকুৰ আৰু নাই...
'নাট্যযোদ্ধা' নেত্ৰকমল বৰঠাকুৰ আৰু নাই...

ডিজিটেল ডেস্কঃ প্ৰবীণ নাট্যযোদ্ধা তথা 'শ্ৰীগুৰু' থিয়েটাৰৰ প্ৰযোজক নেত্ৰকমল বৰঠাকুৰ আৰু নাই। আজি পুৱা নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে নেত্ৰকমল বৰঠাকুৰে।

প্ৰয়াত বৰঠাকুৰ আছিল বহুমুখী প্ৰতিভাৰ অধিকাৰী। নাট্যক্ষেত্ৰৰ উপৰিও তেওঁ আছিল এগৰাকী শিক্ষক। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত তেওঁ আছিল সক্ৰিয় অংশগ্ৰহণকাৰী।

আশীৰো উৰ্ধ্বৰ এইগৰাকী বহুমুখী প্ৰতিভাধৰ আছিল সুদক্ষ অভিনেতা, নাট পৰিচালক। অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ 'নটৰাজ' থিয়েটাৰত তেওঁ গ্ৰেজুৱেট শিক্ষকৰ চাকৰি এৰি যোগদান কৰিছিলগৈ।

সেই সময়ত এয়া আছিল একেবাৰে নাভূত-নাশ্ৰুত কথা। নাট্যজগতত অভিনেতা হিচাপে খোপনি পোতাৰ পাছতে তেওঁ 'শ্ৰীগুৰু' ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছিল।

নাট্যকাৰ হিচাপে বিশেষ খ্যাতি অৰ্জন কৰা নেত্ৰকমল বৰঠাকুৰৰ এখন জনপ্ৰিয় নাট 'বলিয়া হাতী'। তেওঁ ৰচনা কৰা আন কেইবাখনো নাটকে বিশেষ সমাদৰ লাভ কৰিছিল। এইগৰাকী বহুমুখী প্ৰতিভাৰ মৃত্যুত সমগ্ৰ নগাওঁ জিলাতেই শোকৰ ছাঁ পৰিছে।

'নাট্যযোদ্ধা' নেত্ৰকমল বৰঠাকুৰ আৰু নাই...
চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীৰে উত্তাল নাফুক চাহ বাগিচা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in