মঙ্গলবাৰে মোডীক কৰিছিল সমালোচনাঃ বুধবাৰে পুৱা BJP ত যোগদান বীজেন্দ্ৰ সিঙৰ

২০১৯ ত দক্ষিণ দিল্লীত পৰাস্ত বীজেন্দ্ৰক কংগ্ৰেছে এইবাৰ মথুৰা সমষ্টিৰ পৰা দিব বিচাৰিছিল প্ৰাৰ্থিত্ব
মঙ্গলবাৰে মোডীক কৰিছিল সমালোচনাঃ বুধবাৰে পুৱা BJP ত যোগদান বীজেন্দ্ৰ সিঙৰ
মঙ্গলবাৰে মোডীক কৰিছিল সমালোচনাঃ বুধবাৰে পুৱা BJP ত যোগদান বীজেন্দ্ৰ সিঙৰ

ডিজিটেল ডেস্কঃ ২০১৯ চনত কংগ্ৰেছত যোগদান কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ভাৰতৰ প্ৰথম অলিম্পিক পদক বিজয়ী বক্সাৰ বীজেন্দ্ৰ সিঙে যোগদান কৰিলে বিজেপিত। যোগদানৰ কেইটামান মুহূৰ্তৰ আগলৈকে এই বক্সাৰগৰাকীয়ে কংগ্ৰেছ সদস্য হৈ থাকিয়েই সমালোচনা অব্যাহত ৰাখিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

বিজেপি সাংসদ তথা ভাৰতীয় মল্লযুঁজ সন্থাৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে মহিলা বক্সাৰসকলে অনা যৌন নিৰ্যাতনৰ অভিযোগকে ধৰি মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে মোডী চৰকাৰে লোৱা ভূমিকাৰ সন্দৰ্ভতো বীজেন্দ্ৰ সিঙে বিজেপি চৰকাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সকলোকে তীক্ষ্ণ সমালোচনা কৰিছিল। মল্লযুঁজাৰুসকলৰ সৈতে থাকি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

বুধবাৰে বিজেপিত যোগদানৰ পূৰ্বে মঙ্গলবাৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিৰোধী পোষ্ট শ্বেয়াৰ কৰিছিল বীজেন্দ্ৰ সিঙে। এনে পৰিস্থিতিত বুধবাৰে তেওঁ বিজেপিত যোগদান কৰাত স্বাভাৱিকতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

২০১৯ ত কংগ্ৰেছৰ হৈ দক্ষিণ দিল্লীৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল বীজেন্দ্ৰই। সেইবাৰ তেওঁ বিজেপিৰ ৰমেশ বিধুৰিৰ হাতত পৰাস্ত হৈছিল তেওঁ।

এইবাৰো কংগ্ৰেছে তেওঁকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বুলি চৰ্চা চলিছিল। চৰ্চা অনুসৰি মথুৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হেমা মালিনীৰ বিৰুদ্ধে তেওঁক প্ৰক্ষেপ কৰাৰ কথা চিন্তা কৰিছিল কংগ্ৰেছে।

বীজেন্দ্ৰক এই সমষ্টিত প্ৰক্ষেপ কৰাৰ আঁৰত কংগ্ৰেছৰ কৰিছিল জাট সম্প্ৰদায়ৰ ভোট আদায়ৰ এক অংক। এই জাটসকল হাৰিয়ানৰ লগতে পশ্চিম উত্তৰ প্ৰদেশতো অন্যতম ফেক্টৰ। কিন্তু কংগ্ৰেছৰ এনে অংকত খেলিমেলি লগায় বীজেন্দ্ৰই যোগদান কৰিলে বিজেপিত।

উল্লেখ্য ভাৰতীয় বক্সাৰ হিচাপে অলিম্পিত প্ৰথম পদক লাভ কৰিছিল বীজেন্দ্ৰ সিঙে। ২০০৮ চনত বেইজিং অলিম্পিকত তেওঁ লাভ কৰিছিল ব্ৰঞ্জৰ পদক। ২০০৬ আৰু ২০১৪ চনৰ কমনৱেলথ গেমছত তেওঁ লাভ কৰিছিল ৰূপৰ পদক।

২০১০ চনৰ কমনৱেলথ গেমছত অৰ্জন কৰিছিল ব্ৰঞ্জ। বিশ্ব চেম্পিয়নৰ খিতাপ জয় কৰিছিল ২০০৯ চনত। বৰ্তমান প্ৰফেচনেল বক্সিঙতো অপ্ৰতিৰোধ্য হৈ পৰা বীজেন্দ্ৰ সিঙে ৰাহুল গান্ধীৰ সমৰ্থনত অতি সক্ৰিয়ভাৱে সামাজিক মাধ্যমত বিভিন্ন পোষ্ট শ্বেয়াৰ কৰি অহাৰ সমান্তৰালকৈ বিজেপি, নৰেন্দ্ৰ মোডীক সমালোচনা কৰি আহিছিল।

কৃষক আন্দোলনতো কৃষকলৈ সমৰ্থন জনাই আন্দোলনত চামিল হৈছিল। ভাৰত জোড়ো ন্যায় যাত্ৰাত আছিল ৰাহুল গান্ধীৰ লগত। তাৰ পাছতো তেওঁ কিয় বিজেপিত যোগদান কৰিলে আৰু বিজেপিয়ে কোন সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই।

মঙ্গলবাৰে মোডীক কৰিছিল সমালোচনাঃ বুধবাৰে পুৱা BJP ত যোগদান বীজেন্দ্ৰ সিঙৰ
জামুগুৰিহাটৰ কুসুমটোলত ভয়ংকৰ পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত THB মহাবিদ্যালয়ৰ প্ৰবক্তা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in