জামুগুৰিহাটৰ কুসুমটোলত ভয়ংকৰ পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত THB মহাবিদ্যালয়ৰ প্ৰবক্তা...

বলেৰ' আৰু ছেণ্ট্ৰ বাহনৰ মুখামুখী সংঘৰ্ষ

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ কুসুমটোলত ভয়ংকৰ পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত THB মহাবিদ্যালয়ৰ প্ৰবক্তা...

জামুগুৰিহাটৰ কুসুমটোলত ভয়ংকৰ পথ দুৰ্ঘটনাঃ গুৰুতৰভাৱে আহত THB মহাবিদ্যালয়ৰ প্ৰবক্তা...

ডিজিটেল ডেস্কঃ জামুগুৰিহাটৰ কুসুমটোলাৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা সুচেতা ৰাজখোৱা।

Advertisment

উল্লেখ্য যে, মহাবিদ্যালয়ৰ পৰা নিজৰ ছেণ্ট্ৰ বাহনখনেৰে প্ৰবক্তাগৰাকীয়ে গৃহ অভিমুখে যাত্ৰা কৰাৰ সময়তে এখন বলেৰ' বাহনৰ সৈতে মুখামুখী সংঘৰ্ষত লিপ্ত হয়। সুচেতা ৰাজখোৱাৰ বাহনখনৰ নম্বৰ এ এছ ০১ বি এফ ৭৫৬০ আৰু বলেৰ' বাহনখনৰ নম্বৰ এম এল ০১ ডি ০৩৫০।

দুৰ্ঘটনাৰ পাছতে প্ৰবক্তা সুচেতা ৰাজখোৱাক তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে সুচেতা ৰাজখোৱাৰ অৱস্থাত গুৰুতৰ।

Also Read: তেল কঢ়িওৱা টেংকাৰৰ পৰা তেল চুৰিৰ ঘটনা

পথ দুৰ্ঘটনা জামুগুৰিহাট