ভাৰতৰ তিনিওবিধ ক'ভিড ভেকচিনতে আছে বহু পাৰ্শ্বক্ৰিয়া...

ভাৰতৰ তিনিওবিধ ক'ভিড ভেকচিনতে আছে বহু পাৰ্শ্বক্ৰিয়া...

ডিজিটেল ডেস্ক : কোৰোনা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে দেশবাসীক যি প্ৰতিষেধক প্ৰদান কৰিছিল, ইয়াৰে আটাইকেইটা প্ৰতিষেধকৰে আছে বহু পাৰ্শ্বক্ৰিয়া । চৰকাৰে এই কথা স্বীকাৰ নকৰিলেও দেশৰ স্বাস্থ্যখণ্ডৰ সৈতে জড়িত দুই সংস্থা ক্ৰমে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ আৰু চেন্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কন্ট্ৰ'ল অৰ্গেনাইজেচন-এ এই কথা স্বীকাৰ কৰিছে ।

পুনেৰ ব্যৱসায়ী প্ৰফুল সাৰদাই তথ্য জনাৰ অধিকাৰৰ আইনৰ অধীনত দাখিল কৰা আবেদনৰ উত্তৰত সংস্থা দুটাই স্বীকাৰ কৰিছে যে কোনোনাৰ সময়ত দেশবাসীয়ে গ্ৰহণ কৰা প্ৰতিবিধ প্ৰতিষেধকৰ বহু পাৰ্শ্বক্ৰিয়া আছে ।

উল্লেখ্য যে, কোৰোনা প্ৰতিষেধকৰ নামত চৰকাৰে কেইবাবিধো প্ৰতিষেধক প্ৰদান কৰিছিল । এইবোৰৰ ভিতৰত ক'ভিশ্বিল্ড, ক'ভাক্সিন, ক'ভ'ভেক্স আৰু কৰ্বেভেক্স প্ৰধান । সেই সময়ত প্ৰতিষেধক নল'লে কোনো ধৰণৰ ৰাজহুৱা বাহনত ভ্ৰমণ কৰিব নোৱাৰিছিল ৰাইজে । কেৱল সেয়াই নহয় বৰং চিনেমা হ'ল, হোটেল, শ্বপিং ম'ল আদিতো প্ৰয়োজনীয় আছিল এই প্ৰতিষেধক । আনহাতে, পৰৱৰ্তী পৰ্যায়ত প্ৰতিষেধকৰ পাৰ্শব প্ৰতিক্ৰিয়া হ'লে তাৰ বাবে প্ৰতিষেধক প্ৰস্তুত কৰা প্ৰতিষ্ঠান সমূহ হে জগৰীয়া হ'ব ।

এতিয়া প্ৰশ্ন হয় সেই সংকট কালত ক'ভিডৰ প্ৰতিষেধক লৈ পৰৱৰ্তী সময়ত স্বাস্থ্যৰ সমস্যাত ভোগা লোক সকলৰ তথা আগন্তুক সময়ত হ'ব পৰা যিকোনো ধৰণৰ পাৰ্শ্বক্ৰিয়াৰ সৰ্বাংগীন দ্বায়িত্ব কোনে গ্ৰহণ কৰিব ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in