সমাগত নাগালেণ্ড নিৰ্বাচন...

সমাগত নাগালেণ্ড নিৰ্বাচন...

ডিজিটেল সংবাদ, ৱাখা : ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অনুষ্ঠিত হ'ব লগা নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বৰ্তমান শাসনাধিস্থ এন ডি পি পি আৰু বিজেপি মাজৰ আসন ভাগ বতৰা অহা ১৮ জানুৱাৰীত চূড়ান্ত কৰা হ'ব ।

সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী তথা উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁটৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ১৯ জানুৱাৰীত এনডিপিপি আৰু বিজেপিৰ আসন ভাগ-বতৰাৰ ব্যৱস্থা চূড়ান্ত কৰিব। অৱশ্যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বইহে আসন ভাগ - বতৰাৰ চূড়ান্ত সিদ্ধান্ত ল'ব ।

ইফালে নাগালেণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা মন্ত্ৰী টেমজেন ইমনা আলং শনিবাৰে বিজেপিৰ দুদিনীয়া গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণৰ বাবে নতুন দিল্লীত উপস্থিত হৈছে আৰু লগতে আসন ভাগ-বতৰাৰ ব্যৱস্থা চূড়ান্ত কৰাৰ বাবে দলৰ বৈঠকতো অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

বৰ্তমান বিজেপিৰ হাতত থকা কেইটামান বিধানসভা সমষ্টি এৰি দিলে দলৰ হাইকমাণ্ডে প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলগীয়া সমষ্টিসমূহৰ ওপৰত চূড়ান্ত মতামত ল’ব।  জানিব পৰামতে ৬০ জনীয়া নাগালেণ্ড বিধানসভাৰ বাবে এনডিপিপি-বিজেপি দুয়োটা দলে ৪০:২০ আসনৰ চুক্তি অনুসৰি যাব।   

ইফালে, কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুসৰি ৰাজ্যিক বিজেপিয়ে একাংশ সম্ভাৱ্য প্ৰাৰ্থীৰ নাম তালিকাভুক্ত কৰি কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ ওচৰত তেওঁলোকৰ নাম দাখিল কৰিব বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডিমাপুৰ ভ্ৰমণৰ সময়ত দলৰ নেতাসকলক স্পষ্টভাৱে অৱগত কৰিছিল যে এনডিপিপি আৰু বিজেপিৰ মাজত ৪০:২০ৰ আসন ভাগ-বতৰাৰ ব্যৱস্থা চুক্তিবদ্ধ হৈ চূড়ান্ত কৰা হৈছে আৰু একোৱেই সলনি কৰা নহ’ব। 

ইফালে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই যোৱা ১২ জানুৱাৰীত গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলীৰ সৈতে বৈঠকত মিলিত হৈছিল। তেওঁলোকে বিধানসভা নিৰ্বাচন আৰু দুয়োটা দলৰ মাজত আসন ভাগ-বতৰা কৌশল সন্দৰ্ভত আলোচনা কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in