পুনৰ ক'ভিড আতংকত ভুগিছে দেশ, দিল্লীত জৰুৰী বৈঠক

পুনৰ ক'ভিড আতংকত ভুগিছে দেশ, দিল্লীত জৰুৰী বৈঠক

ডিজিটেল ডেস্ক : চীনত কোৰোনাৰ মৃত্যু কিৰিলিত আতংক বিয়পি পৰিছে চুবুৰীয়া ভাৰততো । চীনত নৰসংহাৰৰ সৃষ্টি কৰা কোৰোনাৰ অমিক্ৰনৰ উপৰূপ বি এফ-৭ প্ৰজাতি বিষাণুত ভাৰতত আক্ৰান্তৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পোৱাৰ পিছত আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় জৰুৰী বৈঠকত মিলিত হয় ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই জৰুৰী বৈঠকত পৰিস্থিতি পৰ্যালোচনা চলোৱাৰ লগতে দেশবাসীক অধিক জনসমাগম হোৱা স্থানত আৱশ্যকীয়ভাৱে মাস্ক পৰিধান কৰাৰ লগতে যিসকলে কোৰোনা প্ৰতিষেধকৰ তৃতীয় পালি গ্ৰহণ কৰা নাই, তেওঁলোকক জৰুৰীকালীন ভাৱে ল'বলৈ আহ্বান জনোৱা হৈছে । লগতে ৰাজ্য চৰকাৰ সমূহক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে, ভাৰতত বৰ্তমান ক'ভিড আক্ৰান্তৰ সংখ্যা নগন্য হ'লেও চুবুৰীয়া ৰাষ্ট্ৰ চীনত কোভিডৰ তাণ্ডৱ দেখি বিষয়টোক সহজভাৱে ল'ব বিচৰা নাই স্বাস্থ্য মন্ত্ৰালয়ে । কিয়নো বৰ্তমানলৈ ক'ভিডত আক্ৰান্ত হৈ ভাৰতত মৃত্যুক সাৱটি লৈছে প্ৰায় ৫.৩১ লাখ লোকে ।আনহাতে, কেৱল চীনতেই নহয় বৰং জাপান, দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো কোৰোনাই সম্প্ৰতি গুৰুতৰ ৰূপ ধাৰণ কৰিছে ।

আন্তৰ্জাতিক বিশেষজ্ঞৰ ভাষ্য অনুসৰি, যদি চীনে এই সংক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হয় তেন্তে ২০২৩ বৰ্ষৰ আৰম্ভণিলৈ বিশ্বৰ প্ৰায় ৮০ কোটি লোক কোৰোনাত আক্ৰান্ত হ'ব ।

উল্লেখ্য যে, ভাৰত বৰ্ষত তৃতীয় পালি ঔষধ অথবা বুষ্টাৰ ড'জ লোৱা লোকৰ সংখ্যা কেৱল ২৭ শতাংশ হে । তেনেস্থলত আন লোক সকলে অতি শীঘ্ৰেই এই বুষ্টাৰ ড'জ গ্ৰহণ কৰি আৰু মাস্ক পৰিধান কৰি চলিবলৈ আহ্বান জনায় কেন্দ্ৰীয় চৰকাৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in