৩ মহীয়া শিশুক হত্যা কৰি দম্পত্তিৰ আত্মহত্যা...

৩ মহীয়া শিশুক হত্যা কৰি দম্পত্তিৰ আত্মহত্যা...

author-image
Asomiya Pratidin
New Update
৩ মহীয়া শিশুক হত্যা কৰি দম্পত্তিৰ আত্মহত্যা...

৩ মহীয়া শিশুক হত্যা কৰি দম্পত্তিৰ আত্মহত্যা...

ডিজিটেল ডেস্কঃ ৩ মহীয়া সন্তানক হত্যা আৰু তাৰ পিছত দম্পত্তিৰ আত্মহত্যা । এই চাঞ্চল্যকৰ ঘটনাই দখল কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্য়ম। মঙ্গলবাৰে তেলেংগানাৰ ৰঙাৰেড্ডী জিলাত এহাল দম্পত্তিয়ে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।

Advertisment

হায়দৰাবাদৰ ওচৰৰ চেভেল্লা মণ্ডলৰ দেওৰাপল্লী গাঁৱত সংঘটিত হৈছে এই ঘটনা।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৩০ বছৰীয়া অশোক নামৰ লোকজনে তেওঁৰ পত্নী ২০ বছৰীয়া অংকিতাৰ সহযোগত নিজৰ ৩ মহীয়া কন্যা সন্তানটিক হত্যা কৰে।

সন্তানকটিক হত্যা কৰাৰ সময়ত ঘৰৰ টিভিৰ ভলিউম বঢ়াই দিছিল। জীয়ৰীক হত্যা কৰাৰ পাছত দুয়োৱে একেলগে ফাঁচী লৈ আত্মহত্যা কৰে। শিশুটোক ফাঁচী দিয়াৰ আগতে, অশোকে টিভিৰ ভলিউম বঢ়াই দিয়ে।

ইয়াৰ পাছতে ওচৰ চুবুৰীয়াই টিভিৰ উচ্চ স্বৰত বাজি থকাত ঘৰটোলৈ যায়। স্থানীয় লোকে দুৱাৰত টোকৰ দিয়ে যদিও বহু সময়ধৰি কোনো ওলাই নহাত দুৱাৰ ভাঙি ঘৰটোত প্ৰৱেশ কৰে।

ইয়াৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। স্থানীয় লোকে ঘৰটোত প্ৰৱেশ কৰি শিশুটি আৰু অংকিতাক মৃত অৱস্থাত উদ্ধাৰ কৰে। আনহাতে অশোকে সেই সময়টো উশাহ লৈ আছিল।

জীৱিত অৱস্থাত উদ্ধাৰ হোৱা অশোকে অৱশ্যে কিছু সময়ৰ পাছতে প্ৰাণ ত্যাগ কৰে। ইয়াৰ পাছতে স্থানীয় লোকৰ খবৰৰ ভিত্তিত আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু তিনিওটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই মুহূৰ্তলৈ দম্পত্তি হালে কিয় এই ঘটনা সংঘটিত কৰিলে সেই বিষয়ে কোনো তথ্য উদ্ধাৰ কৰিব পৰা নাই। স্থানীয় লোকে সন্দেহ কৰা অনুসৰি ঘৰুৱা সমস্যাৰ বাবেই এই ঘটনা সংঘটিত হ'ল।

Also Read: ন' বল দিয়াৰ বাবেই আম্পায়াৰক হত্যা...

অপৰাধ