প্ৰসৱ বেদনাৰ বাবে চিকিৎসালয়লৈ যোৱাৰ সময়ত জীৱন্তে অগ্নিদগ্ধ গৰ্ভৱতী মহিলা, স্বামী

এগৰাকী গৰ্ভৱতী মহিলা প্ৰসৱ বেদনাৰ বাবে চিকিৎসালয়লৈ যোৱাৰ সময়তে স্বামীৰ সৈতে মৃত্যু মুখত পৰে। এক দুৰ্ঘটনাৰ ফলত চিকিৎসালয়লৈ যোৱা গাড়ীখনত জুই লগাৰ ফলত স্বামী, স্ত্ৰী জীৱন্তে অগ্নিদগ্ধ হয়।

author-image
Asomiya Pratidin
New Update
প্ৰসৱ বেদনাৰ বাবে চিকিৎসালয়লৈ যোৱাৰ সময়ত জীৱন্তে অগ্নিদগ্ধ  গৰ্ভৱতী মহিলা, স্বামী

ডিজিটেল ডেস্ক: এগৰাকী গৰ্ভৱতী মহিলা প্ৰসৱ বেদনাৰ বাবে চিকিৎসালয়লৈ যোৱাৰ সময়তে স্বামীৰ সৈতে মৃত্যু মুখত পৰে। এক দুৰ্ঘটনাৰ ফলত চিকিৎসালয়লৈ যোৱা গাড়ীখনত জুই লগাৰ ফলত স্বামী, স্ত্ৰী জীৱন্তে অগ্নিদগ্ধ হয়।

Advertisment

এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কান্নুৰত । আৰক্ষীয়ে জনোৱা মতে, ২৬ বছৰীয়া ৰীশা প্ৰসৱ বেদনাত ভুগাৰ বাবে তেওঁৰ স্বামী পৃজিত(৩৫)ৰ সৈতে জিলা চিকিৎসালয়লৈ গৈ আছিল।

২০২০ চনৰ মাৰুতি এছ-প্ৰেচো নামৰ গাড়ীখনত ৬ জন লোকে আছিল। পিছৰ চিটত এটা শিশু সহ চাৰিজন লোক আছিল। ঘটনাস্থলীৰ পৰা তেওঁলোক পলাই যাবলৈ সক্ষম হয়। কিন্তু আগৰ ছীটত বহি থকা দম্পতীহালে দুৱাৰ খুলিব নোৱাৰা বাবে গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ পৰে।

অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত দুই স্বামী, স্ত্ৰীৰ মৃত্যু হৈছিল। ঘটনাস্থলীৰ লোক সকলে কয় যে তেওঁলোকে চেষ্টা কৰিও দুয়োকে বচাব নোৱাৰিলে।

আৰু পঢ়ক: প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ নামত ২২ কোটি, ৰাষ্ট্ৰপতিৰ বাবে ৬ কোটি খৰচ কেন্দ্ৰৰ...

accident couple kerala