প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ নামত ২২ কোটি, ৰাষ্ট্ৰপতিৰ বাবে ৬ কোটি খৰচ কেন্দ্ৰৰ...

২০১৯ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ বাৰকৈ বিদেশ ভ্ৰমণ কৰিছে আৰু ইয়াৰ বাবে প্ৰায় ২২.৭৬ কোটি টকা ব্যয় হৈছে। বৃহস্পতিবাৰে এই তথ্য দাঙি ধৰে কেন্দ্ৰই।
প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ নামত ২২ কোটি, ৰাষ্ট্ৰপতিৰ বাবে ৬ কোটি খৰচ কেন্দ্ৰৰ...

ডিজিটেল ডেস্ক: ২০১৯ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ বাৰকৈ বিদেশ ভ্ৰমণ কৰিছে আৰু ইয়াৰ বাবে প্ৰায় ২২.৭৬ কোটি টকা ব্যয় হৈছে। বৃহস্পতিবাৰে এই তথ্য দাঙি ধৰে কেন্দ্ৰই।

অন্যহাতে ২০১৯ চনৰ পৰা ৰাষ্ট্ৰপতিয়ে ৮ বাৰকৈ বিদেশ ভ্ৰমণ কৰিছে আৰু ইয়াৰ বাবে ৬.২৪ কোটি টকা ব্যয় হৈছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য দাঙি ধৰে।

মন্ত্ৰী গৰাকীয়ে ৰাজ্যসভাত দাখিল কৰা তথ্য অনুসৰি, ২০১৯ চনৰ পৰা ৰাষ্ট্ৰপতিৰ বিদেশ ভ্ৰমণৰ নামত ৬,২৪,৩১,৪২৪, প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ নামত ২২,৭৬,৭৬,৯৩৪ আৰু বৈদিশক পৰিক্ৰমা মন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ নামত ২০,৮৭,০১,৪৭৫ টকা খৰচ হয়। ২০১৯ চনৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৮৬ বাৰ বিদেশ ভ্ৰমণ কৰিছে।

উল্লেখ্য যে, ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ ভিতৰত ৭ বাৰ ৰামনাথ কোবিন্দে আৰু এবাৰ দ্ৰৌপদী মুৰ্মুয়ে বিদেশ ভ্ৰমণ কৰিছে।

আৰু পঢ়ক: ৭১ সংখ্যক 'চিনিয়ৰ নেচনেল ভলীবল চেম্পিয়নশ্বিপ’ উদ্বোধন মন্ত্ৰী পিযুষ হাজৰীকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in