ৰক্ষকেই ভক্ষক ! নিকি যাদৱৰ মৃতদেহ লুকুৱাই ৰখাত সহায় কৰিছিল আৰক্ষী বিষয়াই...

ৰক্ষকেই ভক্ষক ! নিকি যাদৱৰ মৃতদেহ লুকুৱাই ৰখাত সহায় কৰিছিল আৰক্ষী বিষয়াই...

ডিজিটেল ডেস্ক : দেশত আৰক্ষী সকলক মোতায়েন কৰা হয় জনতাৰ সুৰক্ষাৰ স্বাৰ্থত । দিনক দিনে বাঢ়ি অহা অপৰাধৰ মাজত সাধাৰণ জনত‍াই মুকলিকৈ উশাহ ল'ব পাৰিছে কেৱল আৰক্ষী বিষয়া সকলৰ বাবেই । কিন্তু তাৰ মাজতো বহু আৰক্ষী বিষয়াৰ কৰ্তব্যৰ প্ৰতি হেমাহিয়ে সংঘটিত কৰিছে বহু অপৰাধ । সমগ্ৰ দেশ জোকাৰি যোৱা নিকি যাদৱৰ হত্যাকাণ্ডত পোহৰলৈ আহিছে এক নতুন দিশ ।

নিকি যাদৱৰ মৃতদেহ লুকৱাই ৰখাত নিকিৰ পতি তথা হত্যাকাৰী চাহিল গেহলটক সহায় কৰা এজন আছিল দিল্লী আৰক্ষীৰ কনিষ্টবল । নিজৰেই দ্বিতীয় বিবাহৰ দিনা প্ৰথম পত্নীক হত্যা কৰি ৰেষ্টুৰৈন্টৰ ফ্ৰীজত মৃতদেহটো লুকুৱাই ৰখা ঘটনা পোহৰলৈ অহাৰ লগে লগেই সৃষ্টি হৈছিল চাঞ্চল্যৰ । এই লোমহৰ্ষক হত্যাকাণ্ডত চাহিলক সহায় কৰা ৫ জন লোকেই আছিল চাহিলৰ সম্পৰ্কীয় । এই সকলৰ ভিতৰতেই আছিল চাহিলৰ সম্পৰ্কীয় ভাতৃ নবীন । নবীনেই দিল্লী আৰক্ষীৰ কনিষ্টবল ।

এতিয়া প্ৰশ্ন হয়, আৰক্ষীৰ ওচৰতো সুৰক্ষিত নহয় যদি ৰাইজ তেন্তে কাৰ ওচৰলৈ যাব সাধাৰণ জনতা ! ৰক্ষকেই ভক্ষক হোৱাৰ পৰিস্থিতি হ'লে কোনে নাকী লগাব অপৰাধীক ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in