কিম্বদন্তী বেকহামৰ ফ্ৰী-কিকৰ ৰেকৰ্ড স্পৰ্শ কৰাৰ দিশে চাউথ হেম্পটনৰ কেপ্টেইনৰ

কিম্বদন্তী বেকহামৰ ফ্ৰী-কিকৰ ৰেকৰ্ড স্পৰ্শ কৰাৰ দিশে চাউথ হেম্পটনৰ কেপ্টেইনৰ

ডিজিটেল ডেস্ক : কিম্বদন্তী ফুটবলাৰ বেকহাম । সোণালী দীঘল চুলিৰে মানচেষ্টাৰৰ ৰঙা জাৰ্ছীটোত কেইবা গজ দূৰৰ পৰা মৰা ফ্ৰী কিকত ফুটবলটো ধেনুভেৰীয়াকৈ সোমাই পৰে নেটৰ ভিতৰত । প্ৰতিপক্ষৰ ডিফেণ্ডাৰ, গ'লকীপাৰ কোনেও তলকিবই নোৱাৰে মুহুৰ্তৰ ভিতৰতে কিদৰে পৰাস্ত হ'ল দল । এই ফ্ৰী কিক বিশেষজ্ঞ বেকহামৰ জীৱনৰ আধাৰত নিৰ্মান হৈছে বহু কেইখন ছবি । তেওঁৰ অনুপ্ৰেৰণাতেই ফুটবল আৰম্ভ কৰা কিশোৰী এগৰাকীৰ চৰিত্ৰই অভিনয় কৰিছিল "বেণ্ড ইট লাইক বেকহাম" শীৰ্ষক ছবিখনত ।

কিন্তু সেই কিম্বদন্তী বেকহামৰ ফ্ৰী কিকৰ অভিলেখ স্পৰ্শ কৰাৰ দিশে ইংলেণ্ডৰে আন এটা ক্লাব চাউথ হেম্পটনৰ কেপ্টেইন জেমছ ৱাৰ্ড । খেলুৱৈ গৰাকীয়ে ইতিমধ্যে প্ৰিমিয়াৰ লীগত ১৭ টাকৈ ফ্ৰী কিক গ'ললৈ পৰিৱৰ্তন কৰিছে । এই ক্ষেত্ৰত মাত্ৰ এটা গ'লেৰে শীৰ্ষত আছে বেকহাম । বেকহামৰ নামৰ আছে ১৮ টাকৈ ফ্ৰী কিক ।

কিন্তু বেকহামে অৱসৰ গ্ৰহণ কৰিছে কাহানিবাই, ২৮ বছৰীয়া জেমছ ৱাৰ্ডৰ বাবে এতিয়াও বাকী বহু পথ । বেকহামক অতিক্ৰম কৰি নতুন অভিলেখ গঢ়িব এইজন খেলুৱৈয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in