আৰক্ষী বিষয়াৰ পৰা লুটিলে ৫০ লাখ! এতিয়া পলাতক টিভি ৰিয়েলিটি শ্ব'ৰ ষ্টাৰ

আৰক্ষী বিষয়াৰ পৰা লুটিলে ৫০ লাখ! এতিয়া পলাতক টিভি ৰিয়েলিটি শ্ব'ৰ ষ্টাৰ

ডিজিটেল ডেস্কঃ তিহাৰ জেলৰ সহকাৰী অধীক্ষক দীপক শৰ্মাই এগৰাকী মহিলাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি এগৰাকী মহিলাই তেওঁৰ স্বামীৰ সৈতে মিলি ৫১ লাখ টকা লৈ তেওঁক প্ৰতাৰণা কৰিছে।

মহিলাগৰাকীৰ বিৰুদ্ধে তেওঁ পূব দিল্লীৰ মধু বিহাৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে। গোচৰ ৰুজুৰ পাছতে পলাতক অৱস্থাত আছে মহিলাগৰাকী আৰু তেওঁৰ স্বামী।

দীপক শৰ্মাই এজাহাৰত উল্লেখ কৰিছে যে মহিলাগৰাকী তেওঁৰ স্বামীৰ সৈতে এটা চেনেলৰ ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণকাৰী আছিল। ডিস্কভাৰী চেনেলৰ ৰিয়েলিটি শ্ব' 'আলটিমেট ৱাৰিয়াৰ'ত অংশগ্ৰহণ কৰিছিল মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে।

শৰ্মাই জনোৱা অনুসৰি মহিলাগৰাকীৰ নাম ৰৌনক গুলিয়া আৰু তেওঁৰ স্বামীৰ নাম অংকিত গুলিয়া। ৰৌনকে কৈছিল যে, তেওঁৰ মল্লযোদ্ধা স্বামীয়ে স্বাস্থ্য সামগ্ৰীৰ এখন ব্য়ৱসায় আৰম্ভ কৰিছে যাৰ বাবে বিনিয়োগকাৰী বিচাৰি আছে। শৰ্মাই গুলিয়াৰ ব্যৱসায়ত ৫০ লাখ টকা বিনিয়োগ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত সেই ধন ঘূৰাই দিবলৈ অস্বীকাৰ কৰিছিল।

যাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জেইলাৰ দীপক শৰ্মাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষী বিষয়াৰ পৰা লুটিলে ৫০ লাখ! এতিয়া পলাতক টিভি ৰিয়েলিটি শ্ব'ৰ ষ্টাৰ
হিজাব ভালদৰে পৰিধান নকৰাৰ বাবে ১৪ গৰাকীকৈ ছাত্ৰীৰ কৰি দিলে মুণ্ডন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in