ধ্যানত বহি প্ৰচাৰ চলাব মোডীয়ে ! নিৰ্বাচন আয়োগক অনুমতি নিদিবলৈ আহ্বান কংগ্ৰেছৰ

প্ৰয়োজনত ন্যায়ালয়ৰ কাষ চাপিব তামিলনাডু কংগ্ৰেছ
ধ্যানত বহি প্ৰচাৰ চলাব মোডীয়ে ! নিৰ্বাচন আয়োগক অনুমতি নিদিবলৈ আহ্বান কংগ্ৰেছৰ
ধ্যানত বহি প্ৰচাৰ চলাব মোডীয়ে ! নিৰ্বাচন আয়োগক অনুমতি নিদিবলৈ আহ্বান কংগ্ৰেছৰ

ডিজিটেল ডেস্কঃ ১ জুনত অনুষ্ঠিত হ'বলগীয়া সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ পৰ্ব ৩০ মে’ৰ সন্ধিয়া অন্ত পৰিব। ৩০ মে'ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে ১ জুনৰ সন্ধিয়া পৰ্যন্ত কন্যাকুমাৰীৰ বিবেকানন্দ ৰকত ধ্যানত বহিব বুলি প্ৰকাশ কৰাৰ পাছতে এতিয়া তামিলনাডু কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছে।

কেৱল বিৰোধিতাই নহয় এই বিষয়টোক লৈ নিৰ্বাচনী আয়োগলৈ পত্ৰ লিখাৰ লগতে প্ৰয়োজন সাপেক্ষে ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ দিছে। তেওঁলোকৰ অভিযোগ নিৰ্বাচনী প্ৰচাৰ পৰ্ব অন্ত পৰাৰ পাছতো সংবাদ মাধ্যমত চৰ্চাত থাকি জনসাধাৰণৰ মাজত প্ৰভাৱ পেলাবলৈ মোডীয়ে এই পৰিকল্পনা হাতত লৈছে।

উল্লেখ্য যে. ৪ জুনত ঘোষণা হ'ব অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল। এই ফলাফল এইবাৰ কি হ'ব তাৰ পূৰ্বানুমান প্ৰায় কঠিন হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ পৰিছে।

যিহেতু ১ জুনত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰচাৰ ৩০ মে'ৰ সন্ধিয়া শেষ হ'ব সেয়ে ইয়াৰ লগে লগে ধ্যানত বহি মোডীয়ে পৰোক্ষভাৱে নিৰ্বাচনী প্ৰচাৰৰ কৌশল ৰচনা কৰিছে বুলি দাবী কৰিছে তামিলনাডু প্ৰদেশ কংগ্ৰেছে। সেয়ে এই বিষটোক লৈ আপত্তি জনাইছে কংগ্ৰেছে।

দলটোৱে মোডীৰ এই কাৰ্যই প্ৰকাৰন্তৰে নিৰ্বাচনী বিধী ভংগ কৰিব বুলি দাবী কৰি নিৰ্বাচন আয়োগক তেওঁক অনুমতি প্ৰদান নকৰিবলৈ আহ্বান জনাইছে। ৰাজ্যখনৰ কংগ্ৰেছ সভাপতি কে ছেলভাপেৰুন্থাগাই এই বিষয়ত কয়- ‘’নিৰ্বাচনী অধিসূচনা বলবৎ থকাৰ বাবে নিৰ্বাচন আয়োগে মোডীক স্বামী বিবেকানন্দ ৰক ওপৰত ধ্যান কৰিবলৈ অনুমতি দিয়া উচিত নহয়। এয়া স্পষ্ট যে প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্বাচনৰ পূৰ্বে ৪৮ ঘণ্টা ধ্যানত বহি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ চলাবলৈ চেষ্টা চলাইছে। আমি এই সন্দৰ্ভত আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিম। যদি প্ৰয়োজন হয়,  আমি ন্যায়ালয়ৰো কাষ চাপিম।”

ধ্যানত বহি প্ৰচাৰ চলাব মোডীয়ে ! নিৰ্বাচন আয়োগক অনুমতি নিদিবলৈ আহ্বান কংগ্ৰেছৰ
চাকিৰা আহিব অনন্ত-ৰাধিকাৰ ছেকেণ্ড প্ৰি ৱেডিঙলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in