ছত্তীশগড় লোক সেৱা আয়োগৰ পৰীক্ষাৰ 'ৰাজনৈতিক' প্ৰশ্ন: আৰম্ভ বিতৰ্ক...

ছত্তীশগড় লোক সেৱা আয়োগৰ পৰীক্ষাত 'ৰাজনৈতিক' প্ৰশ্ন: আৰম্ভ বিতৰ্ক...
ছত্তীশগড় লোক সেৱা আয়োগৰ পৰীক্ষাত 'ৰাজনৈতিক' প্ৰশ্ন: আৰম্ভ বিতৰ্ক...

ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ লোক সেৱা আয়োগৰ পৰীক্ষাৰ ৰাজনৈতিক প্ৰশ্নক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হৈছে। পৰীক্ষাত বহা লাখ লাখ প্ৰাৰ্থীৰ দাবী আয়োগৰ প্ৰাথমিক পৰীক্ষাত বহু প্ৰশ্ন শৈক্ষিক নহয়, ৰাজনৈতিকহে।

উল্লেখ্য যে ছত্তীশগড় লোক সেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত এইবাৰ ২৮ খন জিলাত অনুষ্ঠিত হৈছিল আৰু ইয়াত ১ লাখতকৈও অধিক চাকৰি প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

চাকৰি প্ৰাৰ্থীসকলে উল্লেখ কৰা অনুসৰি প্ৰশ্ন কাকতখনত অহা ৰাজনৈতিক প্ৰশ্ন সমূহৰ ভিতৰত আছিল ভূঞা পৰ্টেলত ৪ জুলাই ২০২২ লৈকে কিমান ব্যক্তিগত বন অধিকাৰ পত্ৰ আপলোড কৰা হৈছে, ৰাজনন্দগাওঁ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীয়ে কেতিয়া ভেণ্ট মুলাকাত আয়োজন কৰিছিল, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে ২০২২ ত গোধন ন্যায় যোজনাৰ কোনটো গোথান পৰিদৰ্শন কৰিছিল আদি।

প্ৰশ্ন কাকতখনৰ বহু ৰাজনৈতিক প্ৰশ্নই বিতৰ্কিত আৰু অতি নিম্ন মানদণ্ডৰ আখ্যা দিছে চাকৰি প্ৰাৰ্থীসকলে। ইফালে প্ৰশ্নকাকতখনৰ ৬৬ নং প্ৰশ্নৰ বিপৰীতে থকা উত্তৰসমূহতো নাছিল সঠিক উত্তৰ। একাংশ চাকৰি প্ৰাৰ্থীৰ দাবী, চৰকাৰী আঁচনিৰ বিষয়ে মনত ৰাখিব পাৰিলেও সেই আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীয়ে কোনটো নিৰ্দিষ্ট দিনত এখন ঠাই ভ্ৰমণ কৰে সেয়া মনত ৰখাটো সহজ কথা নহয়।

এই পৰীক্ষাৰ পাছতে বিজেপিয়ে কংগ্ৰেছ শাসিত ৰাজ্যখনৰ লোক সেৱা আয়োগক সমালোচনাৰ লক্ষ্য কৰি লৈছে। ৰাজ্যিক বিজেপিৰ সম্পাদক অ' পি চৌধুৰীয়ে এই সন্দৰ্ভত কয়, আন ৰাজ্যৰ লোক সেৱা আয়োগে পৰীক্ষাৰ মানদণ্ড উন্নত কৰিছে, স্বচ্ছতা আনিছে।

দুৰ্ভাগ্যজনক ভাৱে ছত্তীশগড় লোক সেৱা আয়োগে পৰীক্ষাৰ মানদণ্ড নিম্ন মানৰ কৰাৰ লগতে দুৰ্নীতিক প্ৰশ্ৰয় দিছে। অনুষ্ঠিত হৈ যোৱা এই পৰীক্ষাৰ বিতৰ্ক আৰু অভিযোগৰ সন্দৰ্ভত কংগ্ৰেছেও মুখ খুলিছে।

কংগ্ৰেছৰ দাবী চি পি এছ চি এটা স্বতন্ত্ৰ সংস্থা। তেওঁলোকে নিজৰ নিয়ম মতেই প্ৰশ্ন কাকত প্ৰস্তুত কৰিছে। ইয়াত ৰাজ্য চৰকাৰৰ কোনো ভূমিকা নাই। এনে পৰিস্থিতিত ৰাজ্যিক চৰকাৰক দোষাৰোপ কৰাটো উচিত নহয়।

ৰাজ্যিক কংগ্ৰেছৰ মুখপাত্ৰ হৰিতৱালে এই প্ৰশ্ন কাকতখনৰ ৰাজনৈতিক প্ৰশ্ন সমূহৰ সন্দৰ্ভত কয় যে, প্ৰাৰ্থীসকলে ৰাজ্য চৰকাৰে আৰম্ভ কৰা আঁচনিসমূহৰ বিষয়ে, আঁচনিসমূহৰ তাৰিখ আদিৰ বিষয়ে জানিব লাগে। কিয়নো তেওঁলোকে ৰাজ্যখনত সেৱা আগবঢ়াব বিচাৰে।

চৰকাৰৰ আঁচনিৰ সৈতে সংযুক্ত প্ৰশ্ন অহাটো ভুল নহয়। উল্লেখ্য যে, চি পি এছ চিয়ে ৰাজ্যখনত মুঠ ২১০ টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল। এই ২১০ পদৰ বিপৰীতে ১.৮২ লাখ চাকৰি প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ছত্তীশগড় লোক সেৱা আয়োগৰ পৰীক্ষাত 'ৰাজনৈতিক' প্ৰশ্ন: আৰম্ভ বিতৰ্ক...
AJYCP ৰ উদ্যোগত উৰিয়াগাঁৱত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in