AJYCP ৰ উদ্যোগত উৰিয়াগাঁৱত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা...

AJYCP ৰ উদ্যোগত উৰিয়াগাঁৱত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা...
AJYCP ৰ উদ্যোগত উৰিয়াগাঁৱত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা...

ডিজিটেল ডেস্কঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত তথা উৰিয়াগাওঁ আঞ্চলিক সমিতি, উৰিয়াগাওঁ আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়াগাওঁ ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সহযোগত এখনি প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।

উৰিয়াগাওঁ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ'ব ১৯ ফেব্ৰুৱাৰীত। উদ্বোধনী মেচখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ একাদশ বনাম মিডিয়া একাদশে অংশগ্ৰহণ কৰিব।

দিনৰ ঠিক ১২-৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই মেচখনৰ পূৰ্বে পুৱা ৯ বজাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন, ৯-৩০ বজাত শ্বহীদ তৰ্পন অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত ক্ৰমে ১০ বজাত উৰিয়াগাঁও অঞ্চলৰ প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া সংগঠকসকলক সম্বৰ্ধনা জ্ঞাপন, ১১ বজাত খেল উদ্বোধন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব।

মেচখনৰ উদ্বোধক হিচাপে থাকিব নগাওঁ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰুৱাই। আনহাতে উপস্থিত থাকিব নগাওঁ জিলাৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে।

AJYCP ৰ উদ্যোগত উৰিয়াগাঁৱত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা...
ৰূপহী মহাবিদ্যালয়ত জি-২০ প্ৰেছিডেঞ্চী উদযাপন উপলক্ষে যুৱ সমাৰোহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in