চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
ৰাষ্ট্ৰীয় মুখ্য-পৃষ্ঠা

ভাৰতৰ সংবিধান ৰক্ষাৰ্থে সমান বিচাৰধাৰাৰ প্ৰতিটো দলৰ লগতেই হাত মিলাব কংগ্ৰেছেঃ ছোনিয়া

ধৰ্মীয় উৎসৱবোৰ এতিয়া আনন্দ আৰু উদযাপনৰ উৎসৱ হৈ থকা নাই। ই এতিয়া আনক ভয় খুৱাবলৈ আৰু বিচলিত কৰাৰ উত্তম সুযোগ। এতিয়া মানুহক তেওঁলোকৰ ধৰ্ম, খাদ্য, জাতি, লিংগ আৰু ভাষাৰ আধাৰত বিচ্ছিন্ন কৰা হয়।

author-image
Asomiya Pratidin
11 Apr 2023 12:21 IST

Follow Us

New Update
ভাৰতৰ সংবিধান ৰক্ষাৰ্থে সমান বিচাৰধাৰাৰ প্ৰতিটো দলৰ লগতেই হাত মিলাব কংগ্ৰেছেঃ  ছোনিয়া

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ থকা মাজতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ গণতান্ত্ৰিকৰ ব্যৱস্থাৰ অপব্যৱহাৰ কৰাৰ লগতে দেশৰ বিভিন্ন সংস্থা বা সংবাদ মাধ্যমৰ অপব্যৱহাৰ কৰা বুলি মন্তব্য কৰে। তেওঁ কয় যে, বলপূৰ্বক নীৰৱতাই দেশৰ সমস্যাৰ সমাধান নকৰে ।মোডীয়ে গুৰুত্বপূৰ্ণ সমস্যা সমূহৰ ওপৰত নিমাত।

Advertisment

মঙলবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম 'দ্যা হিন্দু'ৰ এক প্ৰৱন্ধত ছোনিয়া গান্ধীয়ে এই মন্তব্য কৰে। ছোনিয়া গান্ধীয়ে কয়, ভাৰতৰ জনসাধাৰণে উপলব্ধি কৰিছে যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নিজৰ বিষয়ে কৈ বেছিকৈ ভাল পায়।বিৰোধিক কটাক্ষ বা বৰ্তমানৰ সমস্যাৰ বাবে আগৰ নেতা সকলক দোষ দিয়াতো জনতাক মূল সমস্যাৰ পৰা আঁতৰ কৰোৱাৰ বাহিৰে আন একো নহয়।

যোৱা কেইমাহমানধৰি আমি প্ৰধানমন্ত্ৰী আৰু তেওঁৰ চৰকাৰে ভাৰতৰ গণতন্ত্ৰৰ তিনিটা স্তম্ভ – কাৰ্যপালিকা, আইনপালিকা আৰু ন্যায়পালিকাক ধ্বংস কৰা দেখিছো। তেওঁলোকৰ কাৰ্যকলাপে গণতন্ত্ৰ আৰু গণতান্ত্ৰিক দায়বদ্ধতাৰ প্ৰতি গভীৰ ঘৃণা প্ৰদৰ্শন কৰে।ইয়ে মানুহক বিচলিত কৰে।

 ছোনিয়া গান্ধীয়ে সংসদৰ শেহতীয়া ঘটনাবোৰো এই লেখাত উল্লেখ কৰে। তেওঁ সদনত বিৰোধিৰ মুখ বন্ধ কৰিবলৈ চৰকাৰে ব্যৱহাৰ কৰা ৰণনীতি সমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে সদনত আদানী বা আন প্ৰসংগ সংমূহৰ ওপৰত বিৰোধিক আলোচনা কৰিবলৈ দিয়া হোৱা নাছিল। তাৰ বিপৰীতে ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন কৰিছিল।  

তেওঁ কয় যে যোৱা অধিৱেশনত বিৰোধিক নিবনুৱা, মুদ্ৰাস্ফীতি, সামাজিক বিভাজন আদিৰ দৰে গম্ভীৰ সমস্যা সমূহৰ ওপৰত আলোচনা কৰাত বাধা দিয়া হৈছিল।আদানী কেলেংকাৰীৰ বিৰুদ্ধে চৰ্চা বন্ধ কৰাৰ ৰণনীতি চৰকাৰে কৰা দেখিছো। মো়ডীয়ে বিৰোধিৰ মুখ বন্ধ কৰিবলৈ সকলো প্ৰয়াসেই কৰিছে। ভাষণ সমূহ আঁতৰাই দিয়া হৈছিল,চৰ্চাত বাধা আৰু সংসদ সদস্যৰ ওপৰত আক্ৰমণ আৰু শেষত কংগ্ৰেছৰ এজন সদস্যক অযোগ্য ঘোষণা কৰা হৈছিল। আনকি ৪৫ লাখ কোটি টকাৰ বাজেট কোনো আলোচনা নোহোৱাকৈ সদনত গৃহীত হৈছিল। যেতিয়া লোকসভাত বিত্তীয় বিধেয়ক উত্থাপন কৰা হৈছিল, প্ৰধানমন্ত্ৰীয়ে তেতিয়া অইন কামত ব্যস্ত আছিল।

দেশৰ সংস্থা সমূহৰ অপব্যৱহাৰ কৰা বুলি গান্ধীয়ে কয় যে চিবিআইয়ে কেৱল বিৰোধীৰ বিৰুদ্ধে ৯৫ শতাংশ গোচৰ পঞ্জীয়ন কৰে। আৰু যি সকল লোকে বিজেপিত যোগদান কৰিছে সেই লোকৰ সকলৰ ওপৰত থকা গোচৰ সমূহ অচম্বিতে নাইকীয়া হৈ গৈছে।

গান্ধীয়ে কয় যে, বিজেপি আৰু আৰ এছ এছৰ মানুহে দেশত প্ৰচাৰ কৰা ঘৃণা আৰু হিংসা এতিয়া বৃদ্ধি পাইছে কিন্তু প্ৰধানমন্ত্ৰীয়ে ইয়াক উপেক্ষা কৰিছে। চৰকাৰে দোষী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে একো মন্তব্যই কৰা নাই।

ধৰ্মীয় উৎসৱবোৰ এতিয়া আনন্দ আৰু উদযাপনৰ উৎসৱ হৈ থকা নাই। ই এতিয়া আনক ভয় খুৱাবলৈ আৰু বিচলিত কৰাৰ উত্তম সুযোগ। এতিয়া মানুহক তেওঁলোকৰ ধৰ্ম, খাদ্য, জাতি, লিংগ আৰু ভাষাৰ আধাৰত বিচ্ছিন্ন কৰা হয়।

আনকি চৰকাৰে সংবাদ মাধ্যমক ভাবুকি প্ৰদান কৰি তেওঁলোকৰো স্বাধীনতা কাঢ়ি লৈছে। বিজেপিৰ নেতা সকলৰ সংবাদ মাধ্যমৰ অৰ্থনৈতিক হস্পক্ষেপ ইয়াপ কাৰণ।এতিয়া সংবাদ মাধ্যমত আলোচনা হয় কেৱল চৰকাৰক প্ৰশ্ন কৰা সকলক নীৰৱ কৰাৰ বাবে।

গান্ধীয়ে কয় যে, যিমান চেষ্টা কৰিলেও ভাৰতৰ জনতাক নীৰৱ কৰিব নোৱাৰিব আৰু আমি মনে মনে বহি নাথাকো। পৰৱৰ্তী কেইটামান মাহ আমাৰ গণতন্ত্ৰৰ বাবে ডাঙৰ পৰীক্ষা।

কংগ্ৰেছ দলে ভাৰত জোড়ো যাত্ৰাৰ দৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি জনতাৰ ওচৰলৈ যোৱাৰ প্ৰয়াস কৰিব। আমি ভাৰতৰ সংবিধান আৰু ইয়াৰ আদৰ্শ ৰক্ষা কৰিবলৈ সমমনস্ক দলসমূহৰ সৈতে কাম কৰিম। আমাৰ যুঁজ হৈছে মানুহৰ বাক স্বাধীনতা সুৰক্ষিত কৰা। আমি আমাৰ দায়বদ্ধতা বুজি পাওঁ আৰু ইয়াৰ বাবে একে বিচাৰধাৰা থকা দলবোৰৰ সৈতে কাম কৰিবলৈ সাজু।

Also Read: আৰ্থিক সংকট! সন্তানত বিহ পান কৰোৱাই ৭ সন্তানৰ পিতৃয়ে ল'লে চৰম সিদ্ধান্ত ...

bjp sonia gandhi narendra modi congress
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!