/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/congress-1.jpg)
ডিজিটেল ডেস্ক: সুৰা কেলেংকাৰীৰ অভিযোগত দেওবাৰে গ্ৰেপ্তাৰ হয় দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচদিয়া। চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই সিদ্ধান্তক আদৰণি জনাইছে কংগ্ৰেছে।
দিল্লী কংগ্ৰেছৰ সভাপতি অনিল চৌধুৰীয়ে এইটো এক আদৰণিমূলক পদক্ষেপ বুলি অভিহিত কৰে। আৰু কয় যে আম আদমী পাৰ্টীয়ে "সম্পত্তি আহৰণৰ অৰ্থে ক্ষমতা ব্যৱহাৰ কৰিছে"। চৌধুৰীয়ে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দুৰ্নীতিৰ মূল ষড়যন্ত্ৰকাৰী আৰু তেওঁকো গ্ৰেপ্তাৰ কৰা উচিত।
আজি প্ৰায় ৮ ঘন্টা জোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ হয় ছিচদিয়া। তেওঁৰ বিৰুদ্ধে ২০২১-২২ বৰ্ষৰ বাবে আবকাৰী নীতি (এতিয়া বাতিল কৰা হৈছে) প্ৰস্তুত কৰা আৰু ৰূপায়ণত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছিল। ছিচদিয়াই জেৰাৰ সন্তোষজনক উত্তৰ নিদিয়াত তেওঁক চিবিআইয়ে গ্ৰেপ্তাৰ কৰে।
Also Read: পৰীক্ষা অনুষ্ঠিত নকৰাকৈ চৰকাৰৰ চৰ্ত! আছে চাকৰি নাই যোগ্যতা সম্পন্ন আবেদনকাৰী...