পৰীক্ষা অনুষ্ঠিত নকৰাকৈ চৰকাৰৰ চৰ্ত! আছে চাকৰি নাই যোগ্যতা সম্পন্ন আবেদনকাৰী...

পৰীক্ষা অনুষ্ঠিত নকৰাকৈ চৰকাৰৰ চৰ্ত! আছে চাকৰি নাই যোগ্যতা সম্পন্ন আবেদনকাৰী...

চৰকাৰী চাকৰি ওলাইছে। কিন্তু তাৰ বিপৰীতে নাই যোগ্যতা সম্পন্ন আবেদনকাৰী। যাৰ বাবে বিপাঙত পৰিছে ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতী। সমাধান বিচাৰি কাষ চাপিছে আদালতৰ।

বৰষা শৰ্মা

চাকৰি এটানো কাক নালাগে। আয়ৰ এক উৎস হ'লে সকলোৱে কিছু পৰিমাণে সকাহ পায়। চৰকাৰী চাকৰি এটা হ'লে জীৱনটো সুকলমে পাৰ হৈ যাব বুলি ধাৰণাৰে একাংশই অহৰ্নিশে কষ্ট কৰে। শিক্ষিত সকলৰ বাবেও আজিৰ দিনত চাকৰি যোগাৰ কৰাতো এটা প্ৰত্যাহ্বান মূলক কাম হৈ পৰিছে।

দিনক দিনে বাঢ়ি গৈছে শিক্ষিত নিবনুৱা । সেই হিচাপে কমকৈ ওলাইছে চাকৰিৰ সংখ্যা। যাৰ বাবে ১ হওত বা ১০০ টা পদ হওক, চাকৰিৰ বাবে আবেদন কৰিবলৈ ওলাই আহে হেজাৰ হেজাৰ শিক্ষাৰ্থী।

কিন্তু এইবাৰ কিছু ওলোটা ছবিহে প্ৰতিফলিত হ'ল। এইবাৰ চাকৰিৰ বাবে পদেই পদ, নাই কেৱল পদৰ বাবে যোগ্যতা সম্পন্ন নিবনুৱা। গতিকে কোনে পাব চাকৰি সেই সন্দৰ্ভত উত্থাপন হৈছে বহু প্ৰশ্ন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাসনভাৰ গ্ৰহণ কৰাৰ আগত কৈছিল নিবনুৱা সমস্যা হ্ৰাস কৰাৰ কথা। কেৱল ইমানেই নহয়,শাসনভাৰ লোৱাৰ পাছতো কৈছিল সন্মুখত যদি হিমালয় পৰ্বতো থিয় হয় তেন্তে ১ লাখ নিযুক্তি হ'বই।

কথা মতেই কাম। মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে নিযুক্তি প্ৰক্ৰিয়া। সেই প্ৰক্ৰিয়াৰ মাজত কেতিয়াবা কেলেংকাৰী বা আন কিবা সমস্যা থকাতো সৰু কথা হৈ পৰিল। আনকি কেইমাহমান পূৰ্বে নিযুক্তি পোৱা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ দৰমহা ন্যুনতম ৮হাজাৰ টকা বুলি গ'ম পোৱাৰ পাছত চকু কপালত উঠিছিল সকলোৰে। আনকি সেই দৰমহাও পোৱা নাছিল একাংশই।

User

তথাপিও শিক্ষিত নিবনুৱা হ্ৰাস কৰিবলৈ চৰকাৰে অহৰহ কাম কৰি গৈছে। টেট পৰীক্ষা পাতি শিক্ষক নিযুক্তি দিছে। যাৰ ফলত বহুতেই লাভ কৰিছে কৰ্মসংস্থান।

এইবাৰ পুনৰ ওলাল টেট শিক্ষাৰ্থীৰ বাবে চাকৰি। উচ্চতৰ মাধ্যমিকৰ বিভিন্ন বিষয় শিক্ষকৰ ১৩৮৫ টা পদৰ বাবে চৰকাৰে দিলে চাকৰিৰ বিজ্ঞাপন। এয়া নিশ্চিতভাৱে ভাল খবৰ। কিন্তু তাৰ পাছতো এই বিজ্ঞাপনে নিদ্ৰা হৰিছে একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ।

কিয়নো বিজ্ঞাপনৰ আঁৰত আছে ৰহস্য। চৰকাৰে বান্ধি দিছে বিশেষ চৰ্ত। সেই অনুসৰি চাকৰিৰ বাবে আবেদনকাৰীৰ বিশেষ বিষয়টোত থাকিব লাগিব ৫০ শতাংশ নম্বৰ, লগতে লাগিব বি এড ডিগ্ৰী। আবেদনকাৰী উচ্চতৰ মাধ্যমিক টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব।

দেখাত এয়া এক ভাল খবৰ। কিন্তু ইয়াৰ পাছতেই একাংশ নিবনুৱা যুৱক-যুৱতী চিন্তিত হৈ পৰাতো স্বাভাৱিক কথা। কিয়নো বিগত দুই তিনি বছৰ ধৰি অনুষ্ঠিত হোৱা নাই উচ্চতৰ মাধ্যমিক টেট পৰীক্ষা। ইয়াৰ পূৰ্বে যি সকলে এই পৰীক্ষাত উত্তীৰ্ণ হৈছিল তাৰে অধিকাংশ অৰ্হতাৰ ভিত্তিত ইতিমধ্যেই নিযুক্তি লাভ কৰিছে।

পূৰ্বে প্ৰায় ২৮০০ যুৱক-যুৱতী উচ্চতৰ মাধ্যমিক টেটত উত্তীৰ্ণ হৈছিল। ইয়াৰে ২০০০ ৰো অধিকে লাভ কৰিছিল নিযুক্তি। যি সকলে নিযুক্তি লাভ কৰিছে সেই তথ্য চৰকাৰৰ হাতত আছেই।গতিকে প্ৰশ্ন হয়, যদি চৰকাৰে চাকৰি দিব বিচাৰিছে তেন্তে পূৰ্বতে উত্তীৰ্ণ সকলক কিয় পোনপটীয়া নিযুক্তি নিদিলে। তাৰ সলনি বিজ্ঞাপনহে দিলে চৰকাৰে।

দ্বিতীয়তে চৰকাৰে যদি নিযুক্তি দিব বিচাৰিছে তেন্তে তাৰ পূৰ্বে উচ্চতৰ মাধ্যমিকৰ টেট অনুষ্ঠিত কৰাৰ বিজ্ঞাপন দিব লাগিছিল। আৰু তাৰ ভিত্তিতহে নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিব লাগিছিল।

পৰীক্ষা নপতাকৈ আৱেদন বিচৰাত বহু সন্দেহৰ অৱকাশ হয়।অৰ্হতা সম্পন্ন সকলক পোনপটীয়া ভাৱে খালী পদৰ বিপৰীতে নিযুক্তি দিয়াতো চৰকাৰৰ দায়িত্ব আছিল। গতিকে চাকৰিৰ বিজ্ঞাপন ওলোৱাৰ পাছতো সৃষ্টি হৈছে হাহাকাৰৰ। কিয়নো চৰ্তৰ ভিত্তিত একাংশই কৰিব নোৱাৰিব চাকৰিৰ বাবে আবেদন।

ৰাজ্যত লাখ লাখ শিক্ষিত নিবনুৱা থকাৰ পাছতো চৰকাৰৰ বান্ধি দিয়া চৰ্তৰ বাবে অভাৱ ঘটিছে যোগ্যতা সম্পন্ন শিক্ষিত নিবনুৱাৰ। যাৰ বাবে এই সকল শিক্ষিত নিবনুৱা যুৱক-যুৱতী কাষ চাপিব লগীয়া হৈছে আদালতৰ।

উক্ত বিষয়টোৰ ওপৰত ২৭ ফেব্ৰুৱাৰীত ন্যায়ালয়ত শুনানি হ'ব। ন্যায়ালয়ে কি সিদ্ধান্ত লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। প্ৰশ্ন হয়, চৰকাৰে এনে কিছুমান স্ব-বিৰোধী সিদ্ধান্তৰে কি বুজাব বিচাৰিছে। নিযুক্তি হ'ব নে নহ'ব সেয়াও এক প্ৰশ্ন। পদ ওলাইছে সঁচা কিন্তু নাই যোগ্যতা সম্পন্ন আবেদনকাৰী।

নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো এতিয়া ল'ৰা ধেমালি সদৃশ হৈ পৰিছে।  লাখ লাখ নিবনুৱাই চাকৰিৰ বাবে হাবাথুৰি খোৱাৰ বিপৰীতে চৰকাৰৰ কাণ্ডজ্ঞানহীনতাৰ দৰে কৰ্ম গৰিহনাৰ যোগ্য।

চৰকাৰে চৰকাৰী চাকৰিৰ নামত ভেকোঁভাওনা কৰিব নে সঁচা অৰ্থত নিযুক্তি দিব সেয়া সময়ত গ'ম পোৱা যাব। যুৱক-যুৱতী সকলক মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছিল। সেই আশ্বাস অনুসৰি কেৱল চাকৰিৰ বাবে বিজ্ঞাপনহে ওলাব নে সঁচা অৰ্থত নিযুক্তি হ'ব সেয়া সময়ে ক'ব।

পৰীক্ষা অনুষ্ঠিত নকৰাকৈ চৰকাৰৰ চৰ্ত! আছে চাকৰি নাই যোগ্যতা সম্পন্ন আবেদনকাৰী...
মোৰ ইনিংছ শেষ : কংগ্ৰেছক ছোনিয়াৰ গুড বাই !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in